চীনা দূতাবাসলৈ কিয় আঠশ ভেড়া প্ৰেৰণ কৰিছিল বাজপেয়ীয়ে?

A B Vajpayee

১৯৬২ চনৰ ভাৰত চীন যুঁজত বিজয়ী হোৱাৰ তিনি বছৰৰ পাছত ভাৰতৰ এক কৌশলী ৰাজনীতিকৰ বুদ্ধিমত্তা আৰু ৰসবোধৰ ওচৰত হায়ৰাণ হৈ পৰিছিল চীনা বাহিনী । দিল্লীৰ স’তে পুনৰ বিৰোধ সৃষ্টিৰ উদ্দেশ্য ভাৰতীয় সেনাবাহিনীৰ বিৰুদ্ধে ভেড়া ছাগলীৰ চুৰিৰ অভিযোগ উত্থাপন কৰিছিল বেইজিঙে ৷ ইয়াৰ প্ৰত্যুত্তৰত চীনা দূতাবাসলৈ এখন ট্ৰাকত আঠশটা ভেড়া প্ৰেৰণ কৰিছিল ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ, সেই সময়ত তৰুণ দেশৰ নেতা প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৷ সেয়া ১৯৬৫ চনৰ কথা ৷ বাজপেয়ীয়ে প্ৰৰণ কৰা ভেড়াবোৰৰ গাত লিখা আছিল “আমাক খাওৰ, যুদ্ধৰ গ্ৰাসৰ পৰা বিশ্বক বচাওক।বাজপেয়ীয়ে বেইজিঙক বুজাব বিচাৰিছিল যে অযথা ছল চাতুৰিৰে যুদ্ধ আৰম্ভ কৰাটো উচিত নহ’ব ৷ অৱশ্যে তাৰ পাছতো বেইজিঙৰ স্বভাৱ সলনি হোৱা নাছিল ৷ ১৯৬৭ ত ভাৰতীয় সেনা বাহিনীৰ বিৰুদ্ধে ভেড়া চুৰিৰ অভিযোগ উত্থাপন কৰিছিল বেইজিঙে ৷ কিয়নো আগ্ৰাসী চীনৰ ক্ষুধাৰ অন্ত নাছিল ৷ ছিকিমত তেতিয়া চলিছিল ৰাজশাসন ৷

বেইজিঙে ছিকিমক হস্তগত কৰিব বিচাৰিছিল আৰু ভাৰতে তেতিয়া কাশ্মীৰলৈ প্ৰৱেশ ঘটা অনুপ্ৰৱেকাৰীৰ সমস্যাত ব্যতিব্যস্ত হৈ আছিল । সেই সময়ত ১৯৬৫ ৰ আগষ্ট ছেপ্তেম্বৰত ভাৰত আৰু চীনৰ মাজত পুনৰ উত্তেজনাৰ সূত্ৰপাত হয় ৷ ভাৰতীয় সেনাবাহিনীয়ে আঠশটা চীনা ভেড়া আৰু ৫৯ টা য়াক চুৰি কৰিছে বুলি ৱেইজিঙে পত্ৰযোগে অভিযোগ কৰে দেশৰ প্ৰয়াত প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীক । ভাৰতে অৱশ্যে লগে লগে ইয়াৰ প্ৰত্যুত্তৰ দি পত্ৰযোগে অভিযোগ নসাৎ কৰে। সেই সময়তে কটাক্ষ কৰি ট্ৰাকেৰে ভেড়া প্ৰেৰণ কৰিছিল ৪২ বছৰীয়া বাজপেয়ীয়ে । এই কাণ্ডই বেইজিঙক ক্ষুদ্ধ কৰি তুলিছিল ।বেইজিঙে পত্ৰ প্ৰেৰণ কৰি শাস্ত্ৰীক সুধিছিল যে তেওঁলোকৰ স’তে মস্কৰা কৰা হৈছিল নেকি? সেই পত্ৰত এইদৰে লিখিছিল, বাজপেয়ীয়ে চীনৰ জনগণক অপমান কৰিছে, এই কথাত তেওঁৰ পাছত আছে প্ৰধানমন্ত্ৰীৰ শাস্ত্ৰীৰ চৰকাৰ ৷ ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে কৈছিল, “বেইজিং সম্পৰ্কে এয়া সাধাৰণ মানুহৰ স্ততঃস্ফূৰ্ত আৱেগ ৷ তাৰ স’তে চৰকাৰৰ কোনো যোগাযোগ নাই।”

Exit mobile version