দীৰ্ঘদিনীয়া তলাবন্ধত ব্যাপক আর্থিক ক্ষতি

tata 1585396584

কৰ’না প্ৰতিৰোধৰ বাবে দেশজুৰি প্ৰয়োগ হোৱা তলাবন্ধৰ বাবে সমগ্ৰ দেশ বিপুল আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে। সেইদৰে বিপুল আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে টাটা গোষ্ঠীও। প্ৰচুৰ লোকচানৰ বাবেই এতিয়া অতি কঠিন সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে উদ্যোগ গোষ্ঠীটো। ছাটাই কৰা হ’ব বিপুল পৰিমাণৰ কৰ্মচাৰী। ইতিমধ্যে টাটা গোষ্ঠীৰ একাধিক উদ্যোগৰ প্ৰায় এহেজাৰ কৰ্মী ছাটাই কৰা হৈছে। কম দিনৰ ভিতৰতে আৰু বহু সংখ্যক কৰ্মীয়ে চাকৰি হেৰুৱাব। ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, তলাবন্ধৰ প্ৰকোপত টাটা গোষ্ঠীৰ আয়ত ভেটা পৰিছে। বিপুল ক্ষতিৰ সন্মুখীন হৈছে গোষ্ঠীটোৰ অধীনস্থ একাধিক উদ্যোগ। সেয়ে এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কিছুদিনৰ ভিতৰতে টাটা গোষ্ঠীয়ে প্ৰচুৰ কৰ্মী ছাটাই কৰিব।

সূত্ৰটোৰ মতে, তলাবন্ধৰ প্ৰকোপত টাটা গোষ্ঠীৰ বিমান কোম্পানী(ভিষ্টাৰা), গাড়ী উদ্যোগ(টাটা মটৰ্চ), এৰ’স্পেচ জাতীয় একাধিক ব্যৱসায়ত মন্দাই দেখা দিছে। সবাতোকৈ শোচনীয় অৱস্থা টাটাৰ গাড়ী উদ্যোগৰ। উল্লেখ্য যে টাটা মটৰ্চৰ প্ৰতিযোগী কোম্পানী মাৰুতি ছুজুকিৰ বিগত এপ্ৰিলৰ বিক্ৰীৰ প্ৰতিবেদন শূণ্য। ইয়াৰ পৰাই সমগ্ৰ গাড়ী উদ্যোগক কেন্দ্ৰ কৰি উদ্বেগ বৃদ্ধি পাইছে। উল্লেখ্য যে ভাৰতত ২০১৯-২০ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকত ন হেজাৰ ৮৯৪ কোটি টকা ক্ষতি হৈছে টাটা মটৰ্চৰ। অথচ বিগত বৰ্ষত এই ত্ৰিমালিকতে কোম্পানীটোৱে লাভ কৰিছিল এহেজাৰ এশ কোটি টকা।

Exit mobile version