দুবছৰ ধৰি পৰিস্কাৰ কৰি গৈছে ডাল লেক

Jannat

বয়স মাত্ৰ সাত বছৰ ৷ চকুত নিযুত তৰাৰ সপোন ৷ এই ক্ষনিক বয়সতেই জগতৰ কঠিন দায়িত্ব কান্ধ পাতি লৈছে শিশুটিয়ে ৷ যোৱা দুবছৰ ধৰি নিৰলস প্ৰচেষ্টাৰে পৰিস্কাৰৰ চেষ্টা কৰি আহিছে শ্ৰীনগৰ বিখ্যাত ডাললেকৰ ৷ যি বয়সত শিশুসকলে মাত কথা শিকোতেই সময় পাৰ কৰে তেনে সময়তে বিশ্বক পৰিস্কাৰ ৰূপত গঢ় দিয়াতে জীৱন অৰ্পন কৰিছে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ বাসিন্দা জন্নত আহমেদে ৷ এই কাৰ্যৰ বাবে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰাও প্ৰশংসা লাভ কৰিছে জন্নতে ৷ শ্ৰী নগৰৰ প্ৰাণ স্বৰূপ ডাললেকৰ স্বচ্ছতা অক্ষুণ্ণ ৰখাৰ বাবে কণমানি জন্নতে কৰা চেষ্টাৰে ২০১৮ত শিশুটিৰ পিতৃ তাৰিক আহমেদে এটি ভিডিঅ’ প্ৰস্তত কৰে ৷ কণমানি জন্নতে এখন চিকৰাত বহি এটি দুটিকৈ পৰিস্কাৰ কৰি গৈছে ডাললেকৰ পানীত ভাহি থকা দূষিত পদাৰ্থবিলাক ৷

এই সম্পৰ্কত জন্নতে স্পষ্টভাৱে কয় “মই আৰু মোৰ পিতৃয়ে ডাললেকক পৰিস্কাৰ কৰাৰ চেষ্টা কৰিছো ৷ আমি লেকৰ পৰা প্ৰচুৰ পৰিমাণৰ আৱৰ্জনা উদ্ধাৰ কৰিছো। কিন্তু এই সামান্য প্ৰচেষ্টাত বৃহৎ ডাললেক পৰিস্কাৰ হৈ উঠা নাই। ডাললেক আমাৰ সকলোৰে সম্পদ । ডাললেকক পৰিস্কাৰ কৰাৰ বাবে আমি সকলো আগবাঢ়ি আহিব লাগিব ৷ ডাললেকৰ সৌন্দৰ্য যাতে অৱনমিত নহয় তাৰ বাবে আমি সকলোৱেই নিজকে উছৰ্গা কৰিব লাগিব । জন্নতে দিয়া এই বাৰ্তা ছ’চিয়েল মিডিয়াত মাত্ৰ এটি প’ষ্ট হৈ হেৰাই নগ’ল ৷ জন্নতৰ কথাবিলাক হৃদয়ত স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল দেশবাসীৰ ৷ ডাললেকৰ স্বচ্ছতাৰ বাবে জন্নতৰ কণ্ঠস্বৰৰে স’তে এদিন কণ্ঠ মিলাইছিল প্ৰধানমন্ত্ৰী মোদীয়েও ৷ স্বচ্চ ভাৰত অভিযানৰ অন্যতম উদাহৰণ হিচাপে দেশবাসীৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীয়ে তুলি ধৰিছিল জন্নতৰ ভিডিঅ’টো ৷ জন্নতৰ প্ৰচেষ্টাক স্বীকৃতি দিয়া হৈছে হায়দৰাবাদতো ৷ হায়দৰাবাদত এইবাৰ পাঠ্যক্ৰমত স্থান দিয়া দৈছে জন্নতক ।

Exit mobile version