লাডাখত অস্থিৰতাঃ পুনৰ ভাৰতৰ ভূমি দখল চীনৰ

vikram misri 202006170171

ভাৰত চীনৰ শেহতীয়া ৰক্তাক্ত সংঘৰ্ষস্থলী তথা ২০ জনকৈ ভাৰতীয় সেনাৰ প্ৰাণঘাতী লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ পে’ট্ৰলিং পইন্ট ১৪ৰ সমীপৰ অঞ্চল পুনৰ দখল কৰিলে চীনে। অৱশ্যে লাডাখৰ স্থিতাৱস্থা সলনিৰ চেষ্টাৰ ফল চীনে ভূগিব লাগিব বুলি ভাৰতে সকীয়াই দিছে । ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ যে নতুন আন্তঃগাঁথনি নিৰ্মাণ নকৰিলেও পইন্ট ১৪ সহ সম্পূৰ্ণ অঞ্চলত চীনা সেনাৰ উপস্থিতিৰ বাবে পে’ট্ৰলিং পইন্ট ১০,১১,১১(ক), ১২ আৰু ১৩ লৈ যাব পৰা নাই ভাৰতীয় সেনা ৷ ইপিনে দুদিনীয়া ভ্ৰমণসূচীৰ পাছত দিল্লীলৈ উভতি অহা প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙক সীমান্তৰ পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰে ভাৰতৰ সেনা প্ৰধান এম এম নৰবনেই ৷ চীনা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিস্ত্ৰীয়ে কয়, “পূৰ্ব লাডাখত সমস্যা সমাধানৰ পথ এটাই । বেইজিঙে বুজিব লাগিব যে স্থিতাৱস্থা সলনিৰ চেষ্টা কৰিলে তাৰ ফল ভূগিব লাগিব। ভাৰতীয় বাহিনীৰ স্বাভাৱিক টহলৰ পথত বাধা দিয়া বন্ধ হ’লেই সমস্যা সমাধানৰ পথত খোজ দিয়াটো সম্ভৱ হ’ব ।”

উল্লেখযোগ্য যে ১৫ জুনত গালৱান উপত্যকাত পি পি ১৪ ত চীনা সেনাই আন্তঃগাঁথনি নিৰ্মাণৰ চেষ্টা কৰাত দুইপক্ষৰ মাজত ৰক্তাক্ত সংঘৰ্ষ হয় আৰু চীনা সেনা পিছুৱাই যায়। কিন্তু ১০ দিনৰ ভিতৰত পুনৰ পে’ট্ৰলিং পইন্ট ১৪ ৰ সমীপত ঘাটি পাতিছে চীনা সেনাই । সেনাৰ সূত্ৰত প্ৰকাশ যে এই মূহুৰ্তত সেই স্থানত বিস্তীৰ্ণ অঞ্চল দখল কৰিছে চীনা বাহিনীয়ে ।যাৰ মাজত সোমাই পৰিছে নেক পইন্ট বা ৱাই জংচন পে’ট্ৰলিং পইন্ট । এয়া ভাৰতৰ হ’লেও বৰ্তমান চীনৰ দখলত আছে । এই ৱাই জংচন পইন্টৰ পৰাই পি পি ১০,১১,১১(ক),১২ আৰু ১৩ লৈ যোৱা যদিও চীনা বাহিনীয়ে বহি থকাত সম্প্ৰতি সেই অঞ্চলত উপস্থিত হ’ব পৰা নাই ভাৰতীয় সেনা ৷ ফলত কে’বাশ বৰ্গকিলোমিটাৰ অঞ্চলত নিৰীক্ষণ বন্ধ কৰিব লগা হৈছে ভাৰত ৷

Exit mobile version