ঔদ্যোগিক বিকাশ কেন্দ্ৰত ১৫ লাখসহ এ টি এম লুট

ATM68674744

সুৰক্ষা কৰ্মীৰ হাত ভৰি বান্ধি মূৰত পিষ্টল টোঁৱাই যোৱা নিশা ছয়গাঁৱৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ মূলগেটৰ সমীপত থকা এছ বি আইৰ এ টি এমৰ পৰা ১৫ লাখ টকাসহ এ টি এমটো উঠাই নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দক্ষিণ কামৰূপত ৷ আনহাতে, ভাঙি নিয়া এ টি এমটো এটা ডেম্পৰ পৰা উদ্ধাৰ কৰাৰ লগতে এগৰাকী মহিলাসহ চাৰিজন লোকক আৰক্ষীয়ে আটক কৰাৰ লগতে এক লাখ ২০ হেজাৰ টকা উদ্ধাৰ কৰিছে ৷ ছয় গাওঁ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ অধীনত থকা প্ৰায় ৫০ উদ্যোগৰ বিষয়া কৰ্মচাৰীসকলে এই এ টি এমৰ ধন উলিয়ায় । যোৱা নিশা ১২ ৰ পৰা এক বজাৰ ভিতৰত এখন বগা ৰঙৰ ইন’ভাসহ দুখনকৈ টাটা ডিআইত অহা ১০-১২জনীয়া ডকাইতৰ দলে এ টি এমটোত প্ৰবেশ কৰে । এ টি এমৰ সমীপত থকা ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ সুৰক্ষাকৰ্মীৰ কৰ্তব্যৰত কোঠাত বাহিৰৰ পৰা বন্ধ কৰি আৱদ্ধ কৰি ৰাখে । তাৰ মাজতে ডকাইতৰ দলটোৱে এ টি এমৰ চাটাৰ ভাঙি টকাসহ এ টি এমটো উঠাই লৈ যায় ।তদুপৰি সুৰক্ষা কৰ্মী দুজনৰ ম’বাইল দুটাও কাঢ়ি লৈ যায় ।

ইফালে, পুৱতি নিশা সুৰক্ষা কৰ্মীৰ চিঞৰ বাখৰত সাৰ পায় সমীপৰ দোকানী উদ্ধৱ দাসে ।দোকানীয়ে বান্ধ খুলি দিয়ে সুৰক্ষা কৰ্মী দুজনৰ ৷ ইপিনে এই ঘটনা বিয়পি পৰাত ঔদ্যোগিক অঞ্চলটোত জোঁকাৰণিৰ সৃষ্টি হয় । পাছত ডকাইতিৰ ঘটনা সন্দৰ্ভত কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত অঞ্চলটোত অভিযান চলায় । আৰক্ষী বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত ছয়গাঁৱৰ চাম্পুপাৰাত এটা ডেম্প’ৰ পৰা এছ বি আইৰ ভাঙি নিয়া এ টি এমটো উদ্ধাৰ কৰে ৷ লগতে ডেম্পৰ গৰাকী মজিবৰ ৰহমান(৪০), ইউছুব আলী(৪৫), নুৰ ইছলাম(২১) আৰু তেওঁৰ পত্নী ৰেজিনা বেগম (২০ )ক আটক কৰে । আৰক্ষীয়ে মজিবৰৰ গৃহৰ পৰা এক লাখ ২০ হেজাৰ টকা উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে লোককেইজনক । ইপিনে এই ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাটাবাৰী ঔদ্যোগিক সন্থাৰ সাধাৰণ দেৱজিৎ কলিতাই এই ডকাইতিৰ ঘটনা কোনো জনা শুনা লোকে কৰিছে বুলি অভিযোগ কৰিছে ৷

Exit mobile version