বাংলাদেশত শোকাৱহ নাও দুৰ্ঘটনা

BANGLADESH

বাংলাদেশৰ ৰাজধানী ঢাকাৰ বুঢ়ী গংগা নদীত আজি পুৱা প্ৰায় ৯.৩০ বজাত সংঘটিত হৈছে এক শোকাৱহ নাও দুৰ্ঘটনা । প্ৰায় ১০০ জন যাত্ৰী থকা নাওখনত প্ৰায় ২৮ জন লোকে প্ৰাণ হেৰুৱাই। আনহাতে একাংশ লোকে সাঁতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰে যদিও, আন একাংশ উটি যায়। দুৰ্ঘটনাটোত ১৮ জন পুৰুষ,৭ গৰাকী মহিলা আৰু তিনিটি শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে ৷

ADVERTISEMENT

ইপিনে এখন নাৱে আন এখন নাৱক খুন্দা মৰাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনাতো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ আনহাতে প্ৰশাসনৰ লোকৰ মন্তব্য অনুসৰি দুৰ্ঘটনাটোত কিমানজন লোক উটি গ’ল,কিমান জনক উদ্ধাৰ কৰিব পৰা গ’ল সেই সম্পৰ্কত প্ৰকৃত তথ্য জানিব পৰা হোৱা নাই। ইফালে বাংলাদেশৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে ময়ুৰ ২ নামৰ দুৰ্ঘটনা সংঘটিত নাৱখন আটক কৰে ৷

কিন্তু নাৱখনৰ কেপ্তেইন আৰু অন্যান্য কৰ্মীসকলে পলায়ন কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে বাংলাদেশৰ বিভাগীয় কৰ্তৃপক্ষই দুৰ্ঘটনাৰ সন্দৰ্ভত তদন্ত কৰাৰ বাবে এখন চাৰিজনীয়া কমিটী গঠন কৰিছে ৷লগতে কমিটিক দুৰ্ঘটনাৰ সকলো তথ্য দাখিলৰ নিৰ্দেশ দিছে।

Exit mobile version