মহানগৰীৰ বোন্দাত দুগ্ধ ব্যৱসায়ীৰ তীব্ৰ প্ৰতিবাদ

milk

মহানগৰীৰ বোন্দাত আজি দুগ্ধ ব্যৱসায়ীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ দুচকীয়া বাহন লৈ মহানগৰীৰ ভিন্ন প্ৰান্তত গাখীৰ বিক্ৰী কৰিবলৈ অহা ব্যৱসায়ীসকলে ৰাজপথত গাখীৰ পেলাই দি সাব্যস্ত কৰে এই প্ৰতিবাদ। উল্লেখযোগ্য যে তলাবন্ধৰ প্ৰথম দিনটোতে পূৰ্বতকৈ অধিক কঠোৰ হোৱা আৰক্ষীয়ে নাৰেংগীত দুগ্ধ ব্যৱসায়ীসকলক মহানগৰীৰ ভিন্ন প্ৰান্তত গাখীৰ বিক্ৰী কৰিবলৈ যোৱাত বাধা প্ৰদান কৰিছিল ৷

ADVERTISEMENT

ইয়াতে ক্ষুন্ন হৈ আৰক্ষীৰ স’তে বাক বিতণ্ডাত লিপ্ত হয় দুগ্ধ ব্যৱসায়ীসকল ৷যাৰ বাবে ব্যৱসায়ীসকলে বোন্দাৰ ৰাজপথত অৱস্থান গ্ৰহণ কৰি গেলানে গেলানে গাখীৰ পেলাই দি সাব্যস্ত কৰিলে এই প্ৰতিবাদ ৷ক্ষুদ্ৰ ব্যৱসায়ীৰ প্ৰতিবাদত তলাবন্ধৰ পুৱাৰ ভাগত এইদৰে প্ৰতিবাদমুখৰ হৈ পৰে মহানগৰীৰ ৰাজপথ ৷

Exit mobile version