কোকৰাঝাৰত চাউমিন খাই যুৱকৰ মৃত্যু, দুজন চিকিৎসাধীন

main qimg 367051c0890ce985cf78b79fa6ab88ae

কোকৰাঝাৰ জিলাৰ দোতমাত চাউমিন খাই এজন যুৱকৰ মৃত্যু আৰু দুজন চিকিৎসাধীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত বাতৰিমতে যোৱা দেওবাৰে দোতমা থানাৰ অন্তৰ্গত লোতমা গয়বাৰী গাঁৱৰ ভুমিধৰ ব্ৰহ্ম(১৬), পৰমেশ্বৰ ব্ৰহ্ম(২০) আৰু সত্যজিৎ ব্ৰহ্মসহ তিনি বন্ধুয়ে দোতমাৰ লাভলী হোটেল এণ্ড ৰেষ্টুৰেন্টত চাউমিন খাবলৈ গৈছিল । চাউমিন খোৱাৰ পিছতেই বমি আৰম্ভ হয় যুৱককেইজনৰ । লগে লগে ভুমিধৰ ব্ৰহ্মক দোতমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে নিয়া হয় যদিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি কোকৰাঝাৰৰ এম আৰ এম আৰু পৰবৰ্তীত বঙাইগাঁওৰ লৱাৰ আছাম ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু সোমবাৰে যুৱকজনৰ মৃত্যু হোৱা বুলি চিকিৎসকে জনায়।

আনহাতে সত্যজিৎ ব্ৰহ্মকো উক্ত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও এই পৰ্যন্ত সুস্থ হোৱা নাই । আনহাতে, আনজন যুৱক পৰমেশ্বৰ ব্ৰহ্মক কোকৰাঝাৰ এম আৰ এম চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে । ঘৰৰ একমাত্ৰ পুত্ৰ ভুমিধৰ ব্ৰহ্মৰ পিতৃ মাতৃয়ে কান্দোনত ভাগি পৰিছে । ভুক্তভোগী পৰিয়ালে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী কৰিছে দোকানৰ স্বতাধিকাৰী তথা অভিযুক্ত সুবোধ বসুমতাৰীক আইনী শাস্তি প্ৰদান কৰিব লাগে আৰু ভুক্তভোগী পৰিয়ালক চৰকাৰে সাহায্য প্ৰদান কৰিব লাগে । দায়িত্বহীন দোকানদাৰীৰ ভূলৰ বাবে অকালতে প্ৰাণ হেৰুৱাবলগীয়া ভুমিধৰ ব্ৰহ্ম দশম শ্ৰেণীত অধ্যয়নৰত আছিল।

ভুক্তভোগী পৰিয়ালৰ দোতমা আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত আজি ৰেষ্টুৰেন্টৰ স্বতাধিকাৰী সুবোধ বৰগয়াৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে । দোতমা থানাত গোচৰ নং ৮/২০ পঞ্জীয়ন কৰি তদন্ত কৰা কথা প্ৰকাশ কৰে আৰক্ষী বিষয়া জয়ন্ত কুমাৰ দাসে। এইফালে কোকৰাঝাৰৰ খাদ্য পৰিদৰ্শক বিলিফাং বসুমতাৰীয়ে ঘটনা সংক্ৰান্তত বুজ লবলৈ ঘটনাস্থলিত গৈ ৰেষ্টুৰেন্টৰ নমুনা সংগ্ৰহ কৰে । সাধাৰণতে পূৰ্বতে চাউমিন খাই কোনো ব্যক্তিৰ মৃত্যু হোৱা ঘটনা কাহানিও হোৱা নাই যদিও, খাদ্যত বিষক্ৰীয়া হৈ কেনেকৈ যুৱকজনৰ মৃত্যু হ’ল ?সেয়া আৰক্ষীৰ তদন্তত ওলাই পৰিব বুলি আশা কৰিছে ৰাইজে।

Exit mobile version