কৰ’নাকলৈ দেশৰ প্ৰধানমন্ত্ৰীলৈ ৰাহুল গান্ধীৰ বিশেষ উপদেশ

download 1

দেশত কৰ’নাৰ আতংকৰ মাজতে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিছে এক বিশেষ উপদেশ ৷ প্ৰধানমন্ত্ৰীলৈ ৰাহুল গান্ধীৰ অনুৰোধ যে কৰ’নাৰ কাৰণে ভাৰতীয় অৰ্থনীতিৰ ওপৰত ভীষণ প্ৰভাৱ পৰিছে ৷ ইয়াৰ কাৰণে সকলোতেকৈ বেছি প্ৰভাৱিত হৈছে দৰিদ্ৰসকলৰ লগতে মধ্যবিত্তসকল ৷ ৰাহুলে কয় ইয়াৰ কাৰণে চৰকাৰে এক নতুন পৰিকল্পনা কৰিব লাগে ৷ যাতে দ্ৰৰিদ্ৰসকলৰ বেংকত প্ৰতি মাহে ৭,৫০০ কৈ লাভ কৰে ৷

ADVERTISEMENT

লগতে ৰাহুল গান্ধীয়ে কয় “মোৰ এনেধৰণ উপদেশ পূৰ্বতে অৱজ্ঞা কৰা চৰকাৰক মই মনত পেলাই দিব বিচাৰো যে চৰকাৰে ১৫ জন বৃহৎ উদ্যোগপতিৰ ঋণ ক্ষমা কৰি দিছিল। আনহাতে মেক ইণ্ডিয়া অভিযানক লৈ ৰাহুল গান্ধীয়ে তীক্ষ্ণ সমালোচনা কৰে চৰকাৰক । ইফালে ভাৰত চীন সীমান্তক লৈ ৰাহুল গান্ধীয়ে সমালোচনা কৰিবলৈ এৰা নাই ভাৰতক। সৰ্বদলীয় বৈঠকত মোদীৰ “ভাৰতৰ সীমান্তত কোনো বিদেশীয়ে বাহৰ পৰা নাই” এই ভাষ্যটোক লৈ ৰাহুল গান্ধীয়ে সমালোচনাৰ লক্ষ্য কৰি লৈছিল প্ৰধানমন্ত্ৰীক ৷ ৰাহুলৰ প্ৰশ্ন যদি একোৱেই হোৱা নাছিল তেন্তে চীন আৰু ভাৰতৰ মাজত বৈঠক কিয়? অৱশ্যে পিছত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছিল ৷ উল্লেখযোগ্য যে ভাৰত চীন সীমান্তৰ গালৱান উপত্যকাত ২০ জন জোৱান শ্বহীদ হৈছিল ৷

Exit mobile version