কৰ’নাৰ প্ৰভাৱ শিক্ষাবৰ্ষত

545687 school

ক’ভিড-১৯ৰ পৰিপেক্ষিতত ৰাজ্যৰ শিক্ষাখণ্ডতে অভাৱনীয়ভাৱে নেতিবাচক প্ৰভাৱ পৰিছে ৷ যোৱা ১৫ মাৰ্চৰ পৰাই সকলো শিক্ষানুষ্ঠানত অব্যাহত আছে যদিও সেয়া কাৰ্যত অৰ্থহীন এক ব্যৱস্থালৈ পৰ্যবেসিত হৈছে ৷ ইয়াৰ পৰিপেক্ষিতত অসম চৰকাৰে বৰ্তমানৰ পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হৈ ৩১ ডিচেম্বৰত শেষ হোৱা শিক্ষাবৰ্ষৰ সময় সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ এখন বৈঠকত নতুন শিক্ষাবৰ্ষ এপ্ৰিলৰ পৰা মাৰ্চলৈ কৰাৰ সিদ্ধান্ত লয় । অৱশ্যে এই সিদ্ধান্ত চলিত বৰ্ষৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব নে আগলৈও বাহাল থাকিব সেয়া সিদ্ধান্ত কৰা হোৱা নাই বুলি সদৰী কৰে শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । নতুন শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক পঞ্জী নতুনকৈ প্ৰস্তুত কৰা হ’ব বুলি লগতে জনায় মন্ত্ৰীজনে ৷

এই পঞ্জী প্ৰতিটো শ্ৰেণীৰ বাবে কিদৰে কেনেকৈ প্ৰস্তুত কৰা হ’ব সেই সিদ্ধান্ত সংশ্লিষ্ট প্ৰশাসনীয় কৰ্তৃপক্ষই বিভিন্ন মতামতৰ ভিত্তিত তথা স্থানীয় পৰিবেশ আৰু অন্যান্য কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব বুলি মন্ত্ৰীজনে সদৰী কৰে। আনহাতে কালিৰ এই বৈঠকখনত বিত্তীয় ক্ষেত্ৰত একাধিক সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকত মত প্ৰকাশ কৰে যে তলাবন্ধৰ ফলত অসমত ঔদ্যোগিক ক্ষেত্ৰখনত মাধমাৰ পৰিছে ৷ অসমত প্ৰাধান্য থকা অতি ক্ষুদ্ৰ,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহত হাহাকাৰ সৃষ্টি হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ শ্ল’গান দিয়াৰ সমান্তৰালকৈ অসম চৰকাৰেও আত্মনিৰ্ভৰশীল অসম গঢ়াৰ শ্ল’গান দিছে ৷ এই বিষয়টোৰ ওপৰতে প্ৰাধান্য দি বৈঠকখনত ক্ষুদ্ৰ,অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপন বিষয়ক এক অধ্যাদেশত অনুমোদন দিয়ে ৷

Exit mobile version