লাডাখত আঁতৰি যোৱা নাই চীনৰ সেনা বাহিনী

vikram misri 202006170171

লাডাখৰ গালৱান উপত্যকাত ভাৰতীয় ভূখণ্ডৰ ৪২৩ মিটাৰ অঞ্চল ভিতৰলৈ চীনা সেনা বাহিনীয়ে অনুপ্ৰৱেশ কৰিছে। উপগ্ৰহৰ পৰা সংগৃহীত ছবিয়ে এই তথ্য উদঙাই দিছে। ছবিত দেখা গৈছে যে ১৫ জুনত সেই অঞ্চলত ১৬ টা সেনা শিবিৰ আছিল । তদুপৰি লাডাখ ভূমিত সম্প্ৰতি চীনা বাহিনীয়ে ঘাটি পাতিছে ৷ এই সন্দৰ্ভত ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব নিৰুপমা ৰাওৱে কয় এই সন্দৰ্ভত তেওঁলোকে চূড়ান্ত অৱস্থান গ্ৰহণ কৰিছে ৷ তেওঁলোকে নিজে বিষয়া পৰ্যায়ৰ বৈঠকত আমাক জনোৱা দাবী সীমাৰ বহু বাহিৰলৈ গুচি গৈছে।

ইপিনে মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ নাম উল্লেখ নকৰিলেও সকীয়াই দিয়ে যে ভাৰতৰ ভূমিত কোপদৃষ্টি দিয়াসকলে উপযুক্ত প্ৰত্যুত্তৰ পাইছে ৷ ভাৰতে বন্ধুত্বৰ স্পৃহাক সন্মান জনায় যদিও একে সময়তে অনুকূল পৰিস্থিতিৰ সৃষ্টি হ’লে যথোচিত উত্তৰ দিবলৈ সমৰ্থ ।

যোৱা শনিবাৰে ৱেইজিঙত থকা ৰাষ্ট্ৰদূত বিক্ৰম মিস্ত্ৰীয়ে কয় “এই বিষয়টোৰ সিদ্ধান্ত আমাৰ দৃষ্টিকোণৰ পৰা একেবাৰে পোনপটীয়া । ভাৰতীয় বাহিনীৰ স্বাভাৱিক টহলৰ ক্ষেত্ৰত অসুবিধা সৃষ্টি কৰা অথবা বাধা দিয়াটো চীনে বন্ধ কৰিব লাগিব ৷ মনকৰিবলগীয়া যে ১৯৬২ৰ অক্টোবৰত চীনা সেনাই গালৱান উপত্যকাত ভাৰতীয় বাহিনীৰ স’তে তীব্ৰ ৰণ পাছত তেওঁলোকে দাবী কৰা ১৯৬০ ৰ সীমা ৰেখাত গালৱান খণ্ডত উপস্থিত হৈছিল ৷ কে’বা দশক ধৰি ভাৰতীয় আৰু চীনা বাহিনীয়ে সেই স্থান টহল দি আছে ৷

চৰ্চা অনুসৰি ৯০ ৰ আৰম্ভণিতে নতুন দিল্লী আৰু বেইজিঙত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা সন্দৰ্ভত আলোচনাৰ বাবে বৈঠকত মিলিত হওঁতে গালৱানৰ বিষয়ে আলোচনা হোৱা নাছিল। ইয়াৰ পাছত শেহতীয়াকৈ যোৱা ১৫ জুনত সেই অঞ্চলত দুয়োপক্ষৰ মাজত ৰক্তাক্ত সংঘৰ্ষ হয় । আৰু পৰিস্থিতি এতিয়াও উত্তেজনামুক্ত হোৱা নাই । ১৫ জুনৰ সংঘৰ্ষত এজন বিষয়াসহ ২০ সেনাই প্ৰাণ হেৰুৱায় । গালৱানত চীনৰ অনুপ্ৰবেশ আৰু ভাৰতীয় ভূমিত তেওঁলোকে কৰি থকা ধাৰাবাহিক নিৰ্মাণ কাৰ্যই স্পষ্ট ইংগিত দিয়ে যে তৎকালীনভাৱে সেই অঞ্চল ত্যাগৰ পৰিকল্পনা চীনৰ নাই । পৰিৱৰ্তে চীনে গালৱানত অধিক সেনাৰ সমাবেশ ঘটাই অৱস্থান লৈছে ।

Exit mobile version