শিলাত মাস্ক পিন্ধিবলৈ অনুৰোধ জনোৱা আছু নেতাক দা লৈ খেদিলে ব্যৱসায়ীয়ে

1 image Coronavirus MERS CoV

কৰ’না ভাইৰাছ সংক্ৰমণে দিনক দিনে বৃদ্ধি পোৱা ভয়াবহ পৰিস্থিতিৰ সময়তে মাস্ক পিন্ধিবলৈ অনুৰোধ জনোৱা আছু নেতা এগৰাকীক মাংস ব্যৱসায়ীয়ে দা লৈ খেদাৰ অভিযোগ উঠিছে । বৰপেটাৰ শিলা বজাৰত অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পোৱা সামাজিক ব্যৱধান ভংগৰ বাবে আছু নেতা এগৰাকীয়ে কেইগৰাকীমান সদস্যৰ সৈতে বজাৰত গৈ পাৰ্যমানে ৰাইজক কৰ’না ভাইৰাছ সংক্ৰমণৰ ভয়াবহতাৰ বিষয়ে বুজাবলৈ চেষ্টা কৰাৰ লগতে এই ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সন্দৰ্ভতো ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে। বহুতে বুজি লয় ইয়াৰ বিপৰীতে শিলা বজাৰত ব্ৰইলাৰ মাংসৰ ব্যৱসায় কৰা ২ নং শিলা গাওঁৰ নুৰ ইছলাম নামৰ ব্যক্তি গৰাকীয়ে কথাৰ ভাৱাৰ্থ অনুধাৱন নকৰি বাউসী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংশুমান শৰ্মাৰ লগতে তেওঁৰ গোটক ধমক দিয়াৰ অভিযোগ উঠিছে ।

তাতেই ক্ষান্ত নাথাকি ছাত্ৰ নেতা অংশুমানক দাৰে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ অভিযোগ উঠিছে । ইয়াৰ লগে লগে অংশুমানে তাৰ পৰা পলায়ন কৰি জীৱন ৰক্ষা কৰে বুলি জানিব পৰা গৈছে। এই ঘটনাৰ সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলৰ সচেতন মহলে । লগতে দেশৰ এনে জটিল পৰিস্থিতিৰ বিষয়ে নিজেও সজাগ নহয় আৰু আনে বুজাবলৈ চেষ্টা কৰাৰ বাবে আক্ৰমণ কৰিবলৈ উদ্যত হোৱা ঘটনাক গৰিহণা দিছে ৰাইজে। উল্লেখযোগ্য যে, শিলা বজাৰত একাংশ ব্যৱসায়ীয়ে তলাবন্ধ ঘোষণাৰ দিনৰ পৰাই তলাবন্ধ, সামাজিক ব্যৱধান আদি নিয়ম নমনা পৰিলক্ষিত হৈ আহিছে বুলি সচেতন মহলে ব্যক্ত কৰে।

Exit mobile version