কছুৱাত ঠেলাতে চিকিৎসালয়লৈ নিলে ৰোগীক

KACHUA

ৰাজ্যত স্বাস্থ্য বিভাগটো সৰ্বত্ৰে উন্নতিৰ পথত আগুৱাই যোৱাৰ বিপৰীতে নগাঁৱৰ কচুৱাত দেখা গ’ল এক বিপৰীত দৃশ্য ৷ কাৰণ কচুৱাত এতিয়া ঠেলা গাড়ীয়ে হৈ পৰিছে ৰোগীৰ একমাত্ৰ বাহন । আজি কচুৱাৰ শ্বাহিদূল ইছলামৰ পত্নী ৰুমেনা খাতুন শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ পিছতে ১০৮ ৰ অভাৱত প্ৰায় চাৰি কিলোমিটাৰ পথ ৰোগীক ঠেলাত লৈ যোৱা হয়।

প্ৰাপ্ত তথ্য মতে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা গৰ্ভৱতী মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি ৰক্তহীনতা,পুষ্টিহীনতাত ভূগি আছিল। ৰোগীয়া শৰীৰেৰে দীৰ্ঘদিন ইটাভাটাতো কাম কৰিছিল মহিলাগৰাকীয়ে । যোৱা ২৩ জুনত মহিলাগৰাকীয়ে এটা মৃত সন্তান জন্ম দিয়ে। ইয়াৰ পিছৰে পৰা মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা অত্যন্ত দুৰ্বল আছিল। আনহাতে আজি মহিলাগৰাকী শৰীৰৰ অধিক অৱনতি ঘটাত পৰিয়ালৰ লোকে ১০৮ ৰ লগত যোগাযোগ কৰি একো সুবিধা লাভ নকৰি উপায়ন্তৰ হৈ ঠেলাতে মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱাৰ সিদ্ধান্ত লয়।

Exit mobile version