শিল্পী আইদেউ সন্দিকৈ জন্ম তাৰিখকলৈ বিভ্ৰান্তিঃ বিভিন্ন জনৰ প্ৰতিক্ৰিয়া গুগলত ভুল তথ্য আপলোড

download 1

প্ৰথম অসমীয়া বোলছবি জয়মতী চৰিত্ৰত অভিনয় কৰা মহীয়সী নাৰী আইদেউ সন্দিকৈৰ জন্ম তাৰিখক লৈ বৰ্তমান সময়ত ৰাইজৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে ৷ শিল্পী গৰাকীৰ জন্ম তাৰিখ আৰু ফ’টোক লৈ কোনোৱে গুগলত ভুল তথ্য দিয়াত এতিয়া শিল্পী গৰাকীৰ জন্ম তাৰিখক লৈ বিভিন্ন মহলত সৰৱ চৰ্চা হোৱাৰ উপৰিও বিৰ্তকৰ সূচনা হৈছে । গুগলত ১৯১৫ চনৰ ২৭ জুন শিল্পী আইদেউ সন্দিকৈ জন্ম তাৰিখ বুলি উল্লেখ কৰা লগতে আন কাৰোবাৰ ফটো শিল্পী গৰাকীৰ বুলি আপলোড কৰা পৰিলক্ষিত হৈছে । যাৰ পৰিপ্ৰেক্ষিতত শিল্পী গৰাকীয়ে জন্ম লাভ কৰা গাঁৱখনৰ লগতে সমগ্ৰ ৰাজ্য খনতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইফালে এনে তথ্যৰ ভিত্তিতে যোৱা ২৭ জুনত ছ’চিয়েল মিডিয়াত হোৱাটছ এপত আইদেউৰ ওপজা দিনক লৈ ব্যাপক চৰ্চা হয় । শিল্পী গৰাকীৰ জীৱিত অৱস্থাত আইদেউ জীৱন ভিত্তিক গ্ৰন্থ প্ৰকাশ কৰা বিশিষ্ট সাহিত্যিক, লেখক শোভন চন্দ্ৰ শইকীয়া, আইদেউ জীৱন সম্পৰ্কত উপন্যাস লিখা লেখক মিতালি ফুকনৰ লগতে শিল্পী গৰাকীৰ সান্নিধ্য লাভ কৰি তেওঁৰ জীৱন সম্পৰ্কত গ্ৰন্থ লিখা কৃতি শিক্ষক তথা নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়া জানিবলৈ দিয়া অনুসৰি আইদেউ সন্দিকৈৰ জন্ম তাৰিখ ২৭ জুন নহয় । তেওঁৰ জন্ম হৈছিল চ’ত মাহত ।

আনহাতে শিল্পী গৰাকীৰ পৰিয়ালৰ সূত্ৰ মতে ১৯২০ চনৰ চ’ত মাহত জন্ম গ্ৰহণ কৰিছিল আইদেৱে । কিন্তু দিন, বাৰ অথবা তাৰিখ তেওঁলোকৰ অৱগত নহয় । যদি শিল্পী গৰাকীৰ সান্নিধ্য লাভ কৰা কাৰোবাৰ ওচৰত শুদ্ধ তথ্য আছে তেন্তে পৰিয়ালক অৱগত কৰিবলৈহে আহ্বান জনাইছে । অন্যথা ভৱিষ্যত প্ৰজন্মই মহীয়সী নাৰীগৰাকীৰ জন্ম তাৰিখক লৈ ভুল তথ্যৰ মাজতে আবদ্ধ থাকিব লাগিব ৷

Exit mobile version