এইবাৰ লাডাখ সীমান্তত অতিৰিক্ত সেনা বাহিনী নিয়োগ পাকিস্তানৰ

WhatsApp Image 2020 07 02 at 4.29.23 PM

ভাৰতৰ বিৰুদ্ধে বৃহৎ ষড়যন্ত্ৰত লিপ্ত হৈছে ৰঙা চীন ৷ ভাৰতক বিপদত পেলাবলৈ এইবাৰ পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ সহায় বিচাৰিছে চীনে । এই আবেদনক সঁহাৰি দি লাডাখ সীমান্তত অতিৰিক্ত সেনা নিয়োগ কৰিছে পাকিস্তানে ৷  ইপিনে কাশ্মীৰ আৰু লাডাখত প্ৰৱেশ কৰি ভাৰতত আক্ৰমণৰ পৰিকল্পনা ৰচিছে প্ৰায় এশ প্ৰশিক্ষিত পাক সন্ত্ৰাসবাদী ৷ সূত্ৰত প্ৰকাশ যে ইতিমধ্যে গিলগিট বাল্টিস্তান হৈ উত্তৰ লাডাখ সীমান্তলৈ ৰাওনা হৈছে প্ৰায় ২০ হেজাৰ পাকিস্তানী সেনা । প্ৰয়োজনত সেই অঞ্চলত পাকিস্তানে অধিক বাহিনী প্ৰেৰণ কৰিব পাৰে। পাকিস্তান আৰু চীনে সুযোগ পালেই লাডাখৰ দুই প্ৰান্তৰ পৰা আক্ৰমণৰ পৰিকল্পনা কৰিছে।

সূত্ৰত প্ৰকাশ যে ইতিমধ্যে ভাৰতীয় চোৰাংচোৱা সংস্থাৰ বিষয়াসকলে সেনাৰ স’তে কে’বালানি বৈঠক সম্পন্ন কৰিছে তথা সেনাক সম্ভাব্য বিপদৰ সম্পৰ্কত সতৰ্ক কৰি দিয়া হৈছে । ইপিনে লাডাখ সীমান্তত পাঁচ সন্ত্ৰাসবাদী সংগঠন আলবদৰৰ স’তে আলোচনা আৰম্ভ কৰিছে চীনৰ পিপল’ছ লিবাৰেশ্যন আৰ্মিয়ে ৷ চীনা সেনাই এই সন্ত্ৰাসবাদী সংগঠনৰ সহায়ত কাশ্মীৰত আক্ৰমণৰ পৰিকল্পনা কৰিছে। ইপিনে, পাক গুপ্তচৰ, চোৰাংচোৱা সংস্থা আই এচ আই এই অঞ্চলত সক্ৰিয় ৷ অন্ততঃ এশজন প্ৰশিক্ষিত সন্ত্ৰাসবাদীক কাশ্মীৰত প্ৰৱেশ কৰোৱাৰ চেষ্টা চলাইছে আই এছ আয়ে ৷ দুই দেশৰ ষড়যন্ত্ৰ বিষয়ে অৱগত হৈ ভাৰতীয় সেনা সৰ্তক হৈছে ৷ উল্লেখযোগ্য যে আকাশমাৰ্গত ভাৰতক আক্ৰমণ বাবে পাকিস্তান আৰু চীন সাজু হৈ আছে ৷ পাকিস্তানৰ তিনিটা বিমান ঘাটিত চীনা বায়ুসেনাৰ যুঁজাৰু বিমান অৱস্থান কৰোৱা হৈছে তথা কাণ্ডানৱাৰি, ৰহিম জাৰ খান আৰু ছুককুৰ বিমান ঘাটিত ৰঙা চীনৰ কে’বাশ জোৱান অপেক্ষাত আছে ৷ পাক বিমান ঘাটিত চীনৰ প্ৰায় ২০ খন যুঁজাৰু বিমান ৰখা হৈছে।

Exit mobile version