জনসাধাৰণৰ কাৰণে মুকলি কৰিলে ঐতিহাসিক স্থানসমূহ

DOMESTIC

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ পেটেলে বৃহস্পতিবাৰে ঘোষণা কৰে যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ কাৰণে দীৰ্ঘদিন বন্ধ হৈ থকা ভাৰতৰ সকলো ধৰণৰ ঐতিহাসিক স্থানসমূহ ৬ জুলাইৰ পৰা পুনৰ মুকলি কৰি দিয়া হ’ব ৷ ইয়াৰ লগতে এখন ডিজিটেল গাইডলাইনৰ কথা সদৰী কৰে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ পেটেল । বৰ্তমান ভাৰতত কেন্দ্ৰীয়ভাৱে সংৰক্ষিত মুঠ ৩৬৯১ টা স্মৃতি স্তম্ভ আৰু প্ৰত্নত্বাত্তিক স্থান আছে । কৰ’না ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ঐতিহাসিক স্থানসমূহ ১৭ মাৰ্চৰ পৰা বন্ধ হৈ আছিল।

আনহাতে,দেশত কৰ’না ভাইৰাছৰ পৰীক্ষা চৰকাৰে প্ৰতিদিনে বৃদ্ধি কৰিছে ৷ প্ৰতিদিনে দুইৰ পৰা তিনি লাখ লোকৰ কৰ’না ভাইৰাছৰ পৰীক্ষা কৰা হৈছে। এতিয়ালৈকে সমগ্ৰ দেশত ৯০ লাখ ৫০ হাজাৰ ১৭৩ জন লোকৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। আনহাতে এই পৰীক্ষাসমূহৰ ভিতৰত ৬.৭০ % অৰ্থাৎ ৬ লাখ ০৬ হাজাৰ ৯৩৮ জন লোকৰ শৰীৰত কৰ’নাৰ ফলাফল পজিটিভ পোৱা গৈছে ৷ আইচিএমআৰৰ মতে সমগ্ৰ দেশত এক জুলাইত প্ৰায় ২ লাখ ২৯ হাজাৰ ৫৮৮ জন লোকৰ ক’ভিড-১৯ পৰীক্ষা কৰা হৈছে৷

Exit mobile version