সমুদ্ৰৰ অটল গহ্বৰত বিশ্বৰ অষ্টম মহাদেশ

5ef25d843f737027a22b8727

সমুদ্ৰ গহ্বৰত লুকাই থকা এখন মহাদেশ । প্ৰথমবাৰলৈ পোহৰলৈ আহিছে এই মহাদেশ খনৰ গোপনে থকা বিভিন্ন ৰহস্য । বিজ্ঞানী সকলৰ হাতত আহি পৰিছে মহাদেশ খনৰ বিভিন্ন তথ্য । ১৯৯৫ চনৰ পৰাই এই মহাদেশ খনৰ অস্তিত্বকলৈ বিজ্ঞানীসকলে চলাই আহিছে অনুসন্ধান আৰু ২০১৭ চনতে এই মহাদেশ খনৰ অস্তিত্বৰ কথা ঘোষণা কৰে বিজ্ঞানী সকলে। সম্প্ৰতি এই মহাদেশ খনৰ সম্ভাব্য মানচিত্ৰও বিজ্ঞানী সকলে প্ৰকাশলৈ আনিলে । নিউজিলেণ্ডৰ গৱেষণা প্ৰতিষ্ঠান জি এন এছ ছায়েন্সে এই মানচিত্ৰ প্ৰকাশ কৰে । নতুনকৈ আবিষ্কাৰ হোৱা এই মহাদেশ পৃথিৱীৰ এভাগ স্থল অংশ নহয় । কিয়নো ইয়াৰ সামান্য অংশহে পৃথিৱীৰ ভূ-ভাগৰ অংশ ।

বহু বছৰ পূৰ্বে এই অষ্টম মহাদেশ মহা সমুদ্ৰৰ বুকুত সোমাই পৰিছিল বুলি বিজ্ঞানী সকলে দাবী কৰিছে । এই মহাদেশৰ নাম ৰখা হৈছে জিলাণ্ডিয়া । ইতিমধ্যে বিজ্ঞানীসকলে এই মহাদেশ খনৰ বিভিন্ন তথ্যৰ সম্ভেদ পাইছে । এই অষ্টম মহাদেশ খনৰ অৱস্থিতি অষ্ট্ৰেলিয়াৰ পূৰ্বে তথা নিউজিলেণ্ডৰ ঠিক উত্তৰে । এই মহাদেশ প্ৰায় আঢ়ৈ কোটি বছৰৰ পূৰ্বেই প্ৰশান্ত মহাসাগৰত ডুবি যায় ।তেওঁলোকৰ অনুমান মতে এই মহাদেশ খনৰ আয়তন প্ৰায় ৫০ লাখ বৰ্গ কিলোমিটাৰ । এই মহাদেশ খন প্ৰশান্ত মহাসাগৰৰ প্ৰায় তিনি হেজাৰ আঠ শ ফুট গভীৰতা সোমাই পৰিছে । অৱশ্যে লৰ্ড হাউ ৰাইজে বলছ‍্ পিৰামিড নামৰ মহাদেশৰ এক পাহাৰ সাগৰৰ ওপৰলৈ ওলাই অশেষ । ইয়াৰ পৰাই অনুমান কৰা যায় যে সমুদ্ৰৰ ভিতৰত এক বিশাল ভূ-খণ্ড ডুবি আছে । সেয়াই অষ্টম মহাদেশ জিলাণ্ডিয়া।

Exit mobile version