চীনত মুছলিম জনসংখ্যা বৃদ্ধিত জিংপিং প্ৰশাসনৰ বাধা

uyghore muslim women 20200701074347

চীনত যাতে মুছলিম জনসংখ্যা বৃদ্ধি নাপায় সেই উদ্দেশ্যে কঠোৰ নীতি অনুসৰণ কৰিছে জিংপিং চৰকাৰে।এই নীতিক বাস্তৱৰূপ দিবলৈ গৈ চীনৰ উইঘূৰ মুছলিম নাৰীসকলক বলপূৰ্বক বন্ধ্যাকৰণ কৰিবলৈ লোৱা হৈছে।বহু পূৰ্বৰে পৰা এই বিষয়ত অনেক অভিযোগ উত্থাপিত হৈ আহিছে।ইয়াৰ মাজতে খবৰ আহিছে উইঘূৰ মুছলিমসকলক ধৰি নি বন্দী শিবিৰত ৰাখিছে চীনৰ চৰকাৰে।অনুমান মতে,এনে শিবিৰত ১০লাখৰো অধিক মুছলিম লোকক বন্দী কৰি ৰখা হৈছে ।

শেহতীয়াকৈ শিবিৰৰ এনে ছবি প্ৰকাশ পোৱাৰ পাছতে নিজ ভাষ্য সলনি কৰিবলৈ বাধ্য হৈছে চীনা চৰকাৰে।জিং পিং চৰকাৰৰ নতুন ভাষ্য অনুসৰি মুছলিম সকলক নতুনকৈ শিক্ষা দিয়াৰ লক্ষৰেহে এনে শিবিৰত ৰখা হৈছে।কিন্ত পশ্চিমীয়া ৰাষ্ট্ৰ প্ৰধানসকলে চীন চৰকাৰৰ এই ভাষ্যক নৎস্যা কৰিছে ।কিয়নো নতুনকৈ শিক্ষা দিয়াৰ অৰ্থ হৈছে তেওঁলোকৰ মগজুৰ পৰা মুছলিম সংস্কৃতি তথা ধৰ্মীয় অনুষ্ঠান আদি নষ্ট কৰি পেলোৱা।চীনা গৱেষক জেনজেৰ প্ৰতিবেদনত উত্থাপন কৰা আন এক অভিযোগ অনুসৰি চৰকাৰে নিৰ্ধাৰণ কৰা সংখ্যাতকৈ অধিক সন্তান জন্ম দিয়া মুছলিম মহিলাসকলক বন্দীশাললৈ নিক্ষেপ কৰাৰ ভাবুকি দিয়া হৈছে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে চৰকাৰে নিৰ্ধাৰণ কৰা সংখ্যাৰ সন্তান জন্ম দিয়াৰ পাছত মুছলিম মহিলাসকলৰ জৰায়ুত ‘ইণ্ট্ৰা ইউটেৰিন ডিভাইচ’ স্থাপন কৰা হৈছে।ফলত এনে মহিলাসকলে পাঁচৰ পৰা ১০ বছৰ পৰ্যন্ত গৰ্ভধাৰণ কৰাত ব্যৰ্থ হয় ।এনে প্ৰক্ৰিয়াৰ বাহিৰেও বন্ধ্যাকৰণৰ উদ্দেশ্যে বলপূৰ্বক অস্ত্ৰোপচাৰ নীতিও গ্ৰহণ কৰিছে চীনৰ চৰকাৰে।জেনজেৰ দাবী অনুসৰি এনে কাৰণত জিনজিয়াঙৰ জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধিত শেহতীয়াবৰ্ষ কেইটাত যথেষ্ট প্ৰভাৱ পৰিছে ।জেনজেই জনোৱা মতে ,উইঘূৰ মুছলিমসকলক দমন কৰি ৰাখিবলৈ জিংপিং প্ৰশাসনে এক বিস্তৃত পৰিকল্পনা গ্ৰহণ কৰিছে ।

Exit mobile version