‘তাজমহল’ পৰ্যটকৰ বাবে পুনৰ মুকলিৰ ঘোষণা

kaspersky

কৰ’না সংক্ৰমণৰ বাবে ভাৰতীয় পুৰাতত্ব জৰীপয়ে যোৱা ১৭ মাৰ্চৰ পৰাই দেশত বন্ধ কৰি দিছিল বিশ্বখ্যাত স্মৃতিসৌধ সমূহ ।তলাবন্ধ ঘোষণা কৰাৰ এদিন পূৰ্বে দেশৰ প্ৰায় ৩৪০০ তকৈ অধিক এনে সৌধ বন্ধ কৰি দিছিল ।ইতিমধ্যে ‘আনলক-১’ ঘোষণা কৰাৰ পাছত এ এছ আইৰ অধীনস্থ ৮২০ ধৰ্মীয় স্থান মুকলি কৰি দিয়া হয়।কেন্দ্ৰীয় চৰকাৰে পৰ্যায়ক্ৰমে মুকলি কৰিছে প্ৰায় তিনিমাহে তলাবন্ধ অৱস্থাত থকা স্থান সমূহ ।আনহাতে, বিশ্বখ্যাত প্ৰেমৰ সৌধ তাজমহল,দিল্লীৰ লালকিল্লাকে ধৰি সকলো স্মৃতিসৌধ অহা ছয় জুলাইৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়াৰ ঘোষণা কেন্দ্ৰৰ।

ADVERTISEMENT
Exit mobile version