চিৰাঙৰ আই নদীৰ মাজত ৰাইজে বিদ‍্যুৎ সেৱাৰ বাবে দলে-বলে ওলাই আহি কামত লাগিল

IMG 20200704 WA0004

চিৰাং জিলাৰ আই নদীৰ উত্তৰ পাৰৰ প্ৰায় ৫০ খন গাঁওৰ লোকে বিদ‍্যুৎ সেৱাৰ বাবে নিজেই কৰিলে কাম । প্ৰতি বছৰেই একে ধৰণৰ পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হয় এইসকল লোক । চিৰাং জিলাৰ চিদলী বিধান সভা সমষ্টিৰ অন্তৰ্গত এইসমূহ অঞ্চল । চিদলী সমষ্টিৰ বিধায়ক মন্ত্ৰী চন্দন ব্ৰহ্ম । চিৰাং জিলাৰ পৰাই আছিল বিটিচিৰ উপ মুখ‍্য খাম্পা বৰগয়াৰী । তাৰপিচতো বিটিচি গঠনৰ পিচত ১৭ টা বছৰে এই অঞ্চলৰ কোনো বিদ‍্যুৎ সেৱাকে আদি কৰি কোনো কামেই নকৰাৰ অভিযোগ কৰিলে তিনিটাকৈ ভিচিডিচিৰ অন্তৰ্গত প্ৰায় ৫০ খন গাঁওৰ লোকে । আই নদীৰ মাজত এটা বৈদ‍্যুতিক টাৱাৰ বহালে বৃহত্তৰ অঞ্চলটোৰ বৈদ‍্যুতিক সমস‍্যাৰ সমাধান হ’ব যদিও এই কামটোৱেই বিগত ১৭ টা বছৰে একো নকৰিলে বিটিচি প্ৰশাসনে ।

যাৰ ফলত নদীৰ মাজত থকা বিদ‍্যুতৰ খুঁটা আই নদীৰ বাঢ়নি পানীয়ে প্ৰতি বছৰেই উটুৱাই নিয়ে আৰু এইদৰে দান বৰঙনিৰে ৰাইজে কাম কৰিবলগীয়া হয় । বিদ‍্যুৎ বিভাগেও কোনো সহায় সহযোগ নকৰে কিন্ত সময়ত বিদ‍্যুতৰ বিল ঠিকেই লয় । এইবাৰো একেই অৱস্থা হ’ল, প্ৰায় ১৫ দিনৰ পৰা বিদ‍্যুৎ বিচ্ছিন্ন লোক সকলে নিজেই কৰিলে কাম বিদ‍্যুৎ সংযোগৰ বাবে । চিৰাং জিলা সদৰৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ উত্তৰে অৱস্থিত আই নদী । বিদ‍্যুৎ বিভাগৰ পৰা দুটাকৈ বৈদ্যুতিক খুঁটা কিনি লৈ আজি এইদৰেই ৰাইজে বিদ‍্যুতৰ খুঁটা কিনি লৈ ৰাইজে নদীৰ এটা পাৰ পাৰ কৰি নদীৰ মাজত ৰাইজে খুঁটা পুতি নিজেই বিদ‍্যুৎ সংযোগ কৰাৰ বাবে কাম কৰি আছে । লগতে বিটিচি নিৰ্বাচনত এই কামৰ প্ৰভাৱ পৰাটো নিশ্চিত বুলি জনালে বৃহত্তৰ তিনিটা ভিচিডিচিৰ প্ৰায় পঞ্চাশ খন গাঁওৰ লোকে ।

Exit mobile version