পশ্চিম কাৰ্বি আংলঙৰ উমচামুখত চাঞ্চল্যকৰ ঘটনা

PicsArt 07 04 07.30.43

পশ্চিম কাৰ্বি আংলঙৰ উমচামুখত আজি কোনো অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হয় । উমচামুখ গাৱঁৰ সমীপত অৱস্থিত এখন কৱৰস্থানৰ কাষৰ জংঘলৰ মাজৰ পৰা উদ্ধাৰ হয় মৃতদেহটো । মৃতদেহৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট পৰিলক্ষিত হয় । স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে নিশা লোকজনক চোকা দাৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ কৰিছে ।

কিন্তু এই পর্যন্ত চিনাক্ত কৰিব পৰা নাই মৃতদেহৰ পৰিচয় অথবা ঠিকনা । ঘটনাস্থলীত মৃত লোকজনৰ হাতৰ পৰা কোনো পৰিচয় পত্ৰ আদি লাভ কৰা নাই যদিও পেন্টৰ পকেটৰ পৰা ২৫০০ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰু অনুসন্ধান অব্যাহত ৰাখিছে বৈঠালাংছ’ থানা অধীনৰ উলুকুঞ্চি উপ-আৰক্ষী চকীৰ আৰক্ষীয়ে।

Exit mobile version