পাকিস্তানত চীনা প্ৰতিষ্ঠানৰ আগ্ৰাসী ভূমিকা :কামৰ সময়ত নামাজত বাধা

namaz pakistan

পাকিস্তানৰ ভূমিত চীনা প্ৰতিষ্ঠানত কৰ্মৰত মুছলিম সকলে কামৰ সময়ত নামাজ সম্পন্ন কৰিব নোৱাৰিব । এই বাধা-নিষেধ জাৰি কৰিছে চীনা প্ৰতিষ্ঠানৰ তৰফৰ পৰা । চীনৰ এনে দমন নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে পাকিস্তানী জনতা । পাকিস্তানী জনতাৰ মতে স্থানীয় আইনক প্ৰাধান্য দিহে দেশখনত চীনৰ প্ৰতিষ্ঠানবিলাকে কাম-কাজ কৰা উচিত । এনে ধৰ্মীয় দমনমূলক নীতিৰ বিৰুদ্ধে পাকিস্তানী জনতাই ক্ষোভ উজাৰিবলৈ লৈছে ।

চীন আৰু পাকিস্তানৰ মাজত থকা বন্ধুত্ব শেহতীয়াকৈ অধিক গাঢ় হোৱাৰ সময়তে চীনৰ প্ৰকৃত চৰিত্ৰ সন্মুখলৈ আহিছে এনে আগ্ৰাসী ভূমিকাৰ জড়িয়তে । ইপিনে, উইঘূৰ নিৰ্যাতনৰ ঘটনাৰ সন্দৰ্ভত মুছলিম বিশ্বত চীনৰ বিৰুদ্ধে প্ৰচণ্ড বিদ্বেষৰ সৃষ্টি হৈছে । একে সময়তে নামাজ সম্পন্ন কৰাত বাধা দিয়া চীনৰ প্ৰতিষ্ঠানে পাকিস্তানত নিজৰ অধীনত কৰ্মৰত মুছলিমসকলক অন্যান্য নীতি-নিয়ম পালনতো ইতিমধ্যে বাধা আৰোপ কৰাৰ তথ্যও পোহৰলৈ আহিছে ।

Exit mobile version