ভয়ংকৰ গণ সংক্ৰমণৰ দিশে নগাওঁ

coronavirus4m utz5jt

কৰ’না ভাইৰাছৰ গণ সংক্ৰমনৰ আশংকা ক্ৰমশঃ বৃদ্ধি পাইছে মধ্য অসমৰ প্ৰধান জিলা নগাঁৱত। দুই গৰাকী ন্যায়িক দণ্ডাধীশ, তিনি গৰাকী আদালতৰ কৰ্মচাৰী, স্বাস্থ্য বিভাগৰ তিনি গৰাকী চাফাই কৰ্মীকে ধৰি ভ্ৰমণ বৃত্তান্ত নথকা কে’বাজনো লোক কৰ’নাত আক্রান্ত হোৱাত কৰ’না ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ আশংকাত অধিক ঘনীভূত হৈ পৰিছে নগাওঁ জিলাত। কালি সন্ধিয়া আৰু আজি বিয়লিৰ ভিতৰত জিলাখনত নতুনকৈ ৪৯ গৰাকী লোক ক’ভিড -১৯ পজিটিভ ধৰা পৰে। ইয়াকে লৈ জিলাখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮০৪ লৈ বৃদ্ধি পায় ।

নগাওঁ জিলা স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে, নতুনকৈ আক্রান্ত হোৱা এই লোকসকলৰ ভিতৰত ৬ জন ভ্ৰমণ বৃত্তান্ত নথকা লোকো আছে। এতিয়ালৈকে জিলাখনত ভ্ৰমণ বৃত্তান্ত নথকা কৰ’নাত আক্রান্ত লোকৰ সংখ্যা ২০ জনৰো অধিক হ’ব। দ্রুতগতিত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত নগাওঁ জিলাৰ জনসাধাৰণ চিন্তিত হৈ পৰিছে। সামাজিক সংক্ৰমণৰ আশংকা বৃদ্ধি হৈছে যদিও একাংশ লোকে সামাজিক দূৰত্ব উলংঘা কৰি বজাৰ-সমাৰ আদিত অভাৱনীয়ভাৱে ভিৰ কৰা পৰিলক্ষিত হৈছে। জিলা খনৰ দহ শতাংশ লোকেও পৰিধান কৰা নাই মাস্ক । ভ্ৰমণ বৃত্তান্ত নথকা কৰ’নাত আক্রান্ত লোক হোম কোৱাৰেণ্টাইনত থকাৰ সময়ত বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহিছে । যাৰবাবে জিলাখনত এতিয়া গণ সংক্ৰমণ হোৱাৰ সম্ভাৱনাই দেখা দিছে।

আনহাতে আজি জিলাখনত কৰ’নাত আক্রান্ত হৈ সুস্থ হৈ উঠা তিনিজন লোকক ঘৰলৈ যাবলৈ স্বাস্থ্য বিভাগে অনুমতি প্ৰদান কৰিছে। ইয়াকে লৈ জিলাখনত কৰ’নাত আক্রান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা ৪৯৩ জনলৈ বৃদ্ধি পালে। আনহাতে আজি নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ১০৭ গৰাকী, কন্দলি আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ৩৭ গৰাকী, উজৰা গাওঁ আদৰ্শ চিকিৎসালয়ত ২২, মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ৩৫ গৰাকী আৰু চিমনাবস্তি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৩৭ গৰাকী লোক কৰ’নাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে।

Exit mobile version