মহাকাশৰ গোন্ধ : নাছাই প্ৰস্তুত কৰিব সুগন্ধি

perfume eau de space and PA images thumb

মহাকাশৰ সুগন্ধি বাৰু কেনেধৰণৰ ? পৃথিৱীত লাভ কৰা গোন্ধতকৈ পৃথক নেকি ?এই প্ৰশ্নৰ উত্তৰ পাবলৈ বেছি দিন অপেক্ষা কৰাৰ আৰু প্ৰয়োজন নহ’ব । মহাকাশৰ গোন্ধ সংগ্ৰহ কৰাত হাতে -কামে নামি পৰিছে ‘নাছা’। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানটোৱে এনে গোন্ধ সন্দৰ্ভত বিশ্ববাসীক পৰিচিত কৰাবলৈ আন এক আন্তঃৰাষ্ট্ৰীয় সংস্থাৰে যৌথভাৱে অগ্ৰসৰ হৈছে । নাছাৰ স’তে যৌথভাৱে অগ্ৰসৰ হোৱা অ’মেগা ‘ইনগ্ৰেডিয়েন্টছ্’ নামৰ সংস্থাই এই সন্দৰ্ভত প্ৰস্তুত কৰিবলগীয়া ‘ইউ ডি স্পেচ’ৰ বাবে মহাকাশচাৰীসকলৰ পৰা পৰামৰ্শ লৈছে ।

মহাকাশচাৰী সকলৰ অভিজ্ঞতা অনুসৰি মহাকাশৰ গোন্ধ অতিকৈ বিৰক্তিকৰ । মহাশূন্যৰ গোন্ধ গোলা-বাৰুদৰ ধোঁৱাৰ দৰে ।ধোঁৱাৰ মাজত থাকে পোৰাৰ গোন্ধ । এনে গোন্ধৰে বনোৱা ইউ ডি স্পেচ মূলতঃ ব্যৱহাৰ কৰা হ’ব মহাকাশচাৰীসকলে মহাশূণ্যলৈ যোৱাৰ পূৰ্বে অনুষ্ঠিত প্ৰশিক্ষণ কালত । এই ইউ ডি স্পেচ সম্ভৱতঃ নাছাৰ হাততে আবদ্ধ হৈ থাকিব । ভৱিষ্যত সময়তো ইউ ডি স্পেচ বজাৰত ক্ৰয় কৰিবলৈ পোৱাৰ সম্ভাৱনা অতিকৈ ক্ষীণ ।

Exit mobile version