মোক কিয় দহ দিন কৰ’না ৰোগীৰ মাজত ৰখা হ’ল ?

WhatsApp Image 2020 07 04 at 10.07.19 PM

ৰাজ্যৰ অন্যতম ক’ভিডৰ চিকিৎসালয় মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ ভিতৰতৰ পৰা কৰ’না ‘আক্ৰান্ত’ৰ ৰোগীয়ে কৰা ভিডিঅ’এ ক’ভিড পৰীক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিসংগতিৰ প্ৰকৃত স্বৰূপ উদঙাইছে তুলিছে । ভিডিঅ’টোত চনী কুমাৰ নামৰ লোকেজনে ৱেবছাইটত তেওঁৰ কৰ’নাৰ ফলাফল নিগেটিভ ৰিজাল্ট দেখুৱা বুলি সংশ্লিষ্ট পক্ষই অৱগত কৰি তেওঁক কিয় ক’ভিড ৰোগী সজাই ১০ দিন কৰ’নাৰ ৰোগীৰ মাজত থোৱা হ’ল বুলি প্ৰশ্ন কৰে ? উলুবাৰীৰ ক’ভিডৰ স্বাৱ পৰীক্ষণ কেন্দ্ৰত চনীয়ে কৰাইছিল পৰীক্ষা।

তেওঁ উল্লেখ কৰে যে অনলাইনত মোৰ কেইদিনমান আগতে কৰা পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে। কিন্তু মোক ক’ভিড ৰোগীৰ মাজত ৰখাই থোৱাৰ পাছত চাগে আকৌ পৰীক্ষাত পজিটিভ ওলাল। প্ৰথমতে নিগেটিভ ওলোৱাৰ পাছত কেনেকৈ ১০ দিন পজিটিভ ৰোগীৰ মাজত মোক ৰখালে? মোৰ কাষৰ সকলোৰে চালো ৰিজাল্ট পজিটিভ আহিছে। ভিডিঅ’টোত আন একাংশৰ প্ৰশ্ন ক’ভিডৰ নামত আচলতে কি চলিছে? আমিও এতিয়ালৈকে পজিটিভ বুলি মেছেজ পোৱা নাই । আমাৰো নিগেটিভ নেকি? আমাক পৰীক্ষাৰ ফলাফল লাগে।”

Exit mobile version