মৰিগাঁৱত হতাশ হৈ দশম শ্ৰেণীৰ ছাত্ৰই বাছি ল’লে আত্মহননৰ পথ

suicide representation

ৰাজ্যবাসীক পৰিৱৰ্তন আৰু উন্নয়নৰ স্বপ্ন দেখুওৱা বিজেপি চৰকাৰ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত মৰিগাঁৱত এজন ছাত্ৰই অনলাইন ক্লাছৰ বাবে মাথো এটি মোবাইল ফোনৰ অভাৱত আত্মহত্যাৰ পথ বাচি লোৱা বুলি হোৱা চৰ্চা চলিছে। এই দুৰ্ভগীয়া ছাত্ৰজন হৈছে মৰিগাঁও চহৰৰ ৰামেশ্বৰী সংঘ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ‌‌‌ ৰূপক মহন্ত । প্ৰাপ্ত তথ্য মতে, আজি পুৱাৰ ভাগত জাগীৰোড থানাৰ অন্তৰ্গত জোনবিলৰ এখন দলংৰ তলত আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে এটি মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পৰিস্থিতিগত সাক্ষ্যৰ পৰা আত্মহত্যা বুলি সন্দেহ হোৱা মৃতদেহ টো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত এই মৃতদেহটো মৰিগাঁও চহৰৰ বাকলি গাওঁ নিবাসী প্ৰদীপ মহন্তৰ পুত্ৰ ৰূপক মহন্তৰ বুলি চিনাক্ত কৰা হয়।

উল্লেখ্য যে, বৰ্তমান ক’ভিড-১৯ সম্পৰ্কীয় নিৰ্দেশনাৰ বাবে বিদ্যালয়ৰ পৰিৱৰ্তে অনলাইন যোগে চলি থকা পাঠদান গ্ৰহণৰ বাবে মৃত ৰূপকে পিতৃক এটি মোবাইল ফোন বিচাৰিছিল। কিন্তু স্থানীয় মায়া বজাৰত এখন সৰু দোকান দি কোনোমতে পেটে-ভাতে খাই থকা পিতৃৰ বাবে এই তলাবন্ধৰ সময়ত পুত্ৰক এটি মোবাইল ফোন কিনি দিয়াটো সম্ভৱ নাছিল। ৰূপকে পিতৃক বহুবাৰ পাঠদান গ্ৰহণৰ বাবে মোবাইল ফোন এটি কিনি দিবলৈ খাটনি ধৰি ব্যৰ্থ হৈছিল । অৱশেষত দশম শ্ৰেণীৰ এই ছাত্ৰজনে নিজৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰ যেন অনুভৱ কৰি এই চৰম সিদ্ধান্ত লয় বুলি বিভিন্ন জনে অনুভৱ কৰিছে। বিয়লিৰ ভাগলৈ মৰণোত্তৰ পৰীক্ষাৰ অন্তত স্থানীয় শ্মশানত ছাত্ৰ জনৰ শেষকৃত্য সম্পন্ন কৰা হয়। দৰিদ্ৰতাৰ বাবে এনেদৰে এজন ছাত্ৰই নিজকে শেষ কৰি দিয়া ঘটনাই সকলোকে শোকস্তব্ধ কৰি তুলিছে। আনহাতে ছাত্ৰ জনৰ মৃতদেহ তেওঁৰ ঘৰৰ পৰা প্ৰায় ১৬-১৭ কিলোমিটাৰ নিলগস্থিত এখন দলংৰ তলত উদ্ধাৰ হোৱা ঘটনায়ো ৰহস্যৰ সৃষ্টি কৰিছে।

Exit mobile version