শালবাৰীত কৰুণ ঘটনা

IMG 20200704 164937

এক কৰুণ ঘটনা ৷ চিকিৎসালয়ৰ পৰা ঠেলাগাড়ী আৰু নাৱেৰে কিশোৰীৰ মৃতদেহ কঢ়িয়াই নিয়াৰ এই কৰুণ ঘটনা সংঘটিত হ’ল বাক্সা জিলাৰ শালবাৰীত ৷ হলংবাৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী তথা চেংলীমাৰী দুৰামাৰী গাঁওৰ ৰাধা মুছাহাৰী নামৰ ১৪ বছৰীয়া কিশোৰীগৰাকী কিছুদিন পূৰ্বৰ পৰা জণ্ডিছ, বসন্ত আৰু নিম’নিয়া ৰোগত ভূগি আছিল ৷ সেই সময়ত বানপানীয়ে দুৰামাৰী গাঁওত তাণ্ডৱৰ সৃষ্টি কৰা হেতু পৰিয়ালৰ লোকে কিশোৰী গৰাকীক উপযুক্ত চিকিৎসা আগবঢ়াব পৰা নাছিল ৷ গাঁওখনৰ পৰা বানপানী আঁতৰি যোৱাৰ পিছত আজি ৰাতিপুৱা পৰিয়ালৰ লোকে কিশোৰীগৰাকীক ঘৰৰ পৰা ঠেলাগাড়ী আৰু মাজপথৰ পৰা ১০৮ সেৱা যোগেৰে শালবাৰী মডেল হস্পিতালত ভৰ্তি কৰে ৷

হস্পিতালত ভৰ্তি কৰাৰ পিছত কিশোৰী গৰাকীক চিকিৎসকে এটা বেজী দি কিছু সময় ৰখাই পৰৱৰ্তী সময়ত বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়াৰ উপৰি তাতেই কিশোৰী গৰাকী মৃত্যুমুখত পৰে বুলি কয় ৷ চিকিৎসকৰ গাফিলতি তথা গুৰুত্বহীনতাৰ বাবে কিশোৰী গৰাকীৰ মৃতদেহ পৰিয়ালৰ লোকে চিকিৎসালয়ৰ পৰা ঠেলাগাড়ীৰে লৈ যাবলগীয়াৰ দৰে ঘটনা সংঘটিত হয় যদিও পৰৱৰ্তী সময়ত চিকিৎসালয়খনৰ কৰ্মচাৰীয়ে মাজ বাটৰ পৰা মৃতদেহ ওভতাই আনিবলৈ পৰিয়ালৰ লোকক লগ কৰে ৷ পৰিয়ালৰ লোকে পুনৰাই মৃতদেহ চিকিৎসালয়লৈ ওভতাই নানি কিছুদুৰ ঠেলাগাড়ী আৰু পিছলৈ নাৱেৰে মৃতদহটো ঘৰলৈ লৈ যোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে৷

Exit mobile version