অসম আৰক্ষীত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ, ডেৰ শতাধিক আক্ৰান্ত

3coronavirus 82

শেহতীয়াকৈ কৰ’নাৰ সংক্ৰমণ দ্ৰুতহাৰত বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত । প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু আৰক্ষীৰ মাজত কৰ’নাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ উদ্বেগৰ সৃষ্টি হৈছে ৷ এই পৰ্যন্ত অসম আৰক্ষীৰ ডেৰ শতাধিক বিষয়া জোৱান কৰ’নাত আক্ৰান্ত হৈছে । অধীক্ষক পৰ্যায়ৰ বিষয়াসহ কে’বাখনো জিলাৰ থানাৰ বিষয়া জোৱানৰ লগতে অধীক্ষকৰ কাৰ্যালয় পৰ্যন্ত কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে । তৎস্বত্বেও অৱশ্যে আৰক্ষী বিষয়া জোৱানসকল কোনোধৰণৰ আতংকিত নহৈ দায়িত্বত নিয়োজিত হৈ আহিছে ৷

উল্লেখযোগ্য যে আৰক্ষীৰ দেহত কৰ’নাৰ সংক্ৰমণৰ মূল উৎস এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই সংশ্লিষ্ট বিভাগে যাৰ ফলত উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰা নিম্ন বৰ্গৰ বিষয়ালৈকে একগোট হৈ কৰ’নাৰ বিৰুদ্ধে যুদ্ধ কৰা অসম আৰক্ষীত ক্ৰমাৎ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাত গৃহ বিভাগ চিন্তিত হৈ পৰিছে ৷ কৰ’না মহামাৰীৰ আতংকৰ দিনত ডেৰ শতাধিক বিষয়া জোৱানৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পিছত সংক্ৰমণ ৰোধ কৰিবলৈ বিশেষ সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে ৷ অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সদৰী কৰা মতে শনিবাৰে বিয়লি পৰ্যন্ত ৰাজ্যত ১৬১ জন আকক্ষীৰ বিষয়া জোৱান কৰ’নাত আক্ৰান্ত হৈছে ।

ইয়াৰ ৩০ জন ইতিমধ্যে সুস্থ হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে ।অসম আৰক্ষীত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাই আহিলেও কোনো ধৰণৰ আতংক সৃষ্টি হোৱা নাই বুলি “দৈনিক অগ্ৰদূত”ৰ আগত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সদৰী কৰি কয় যে উচ্চৰ পৰা নিম্ন পৰ্যায়লৈ সকলো একগোট হৈ কৰ’নাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে । কৰ’নাৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিটো স্তৰতে জনসৰ্তকামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে মহানগৰীত হোম কোৱাৰেন্টাইন ব্যৱস্থাপনা আৰক্ষীয়ে পৰিচালনা কৰিছে ।অসম আৰক্ষীত কৰ’নাৰ সংক্ৰমণৰ উৎস স্পষ্ট হোৱা নাই যদিও বিমানকোঠ, ৰেল ষ্টেচন, ক’ভিড-১৯ হাস্পতাল, কন্টেইনমেন্ট জ’ন আদিত নিজৰ কৰ্ম সম্পাদনা কৰি অহাৰ ফলতে সংক্ৰমণ হোৱা বুলি শীৰ্ষ মহলে ধাৰণা কৰিছে ৷

Exit mobile version