ওদালগুৰিৰ দুই স্থানত পৃথকে উদ্ধাৰ বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

WhatsApp Image 2020 07 05 at 12.14.24 PM

শনিবাৰে নিশা ওদালগুৰি জিলাৰ দুখন আৰক্ষী থানাৰ অন্তৰ্গত দুটা পৃথক স্থানত উদ্ধাৰ হ’ল অস্ত্ৰ-শস্ত্ৰ। নিশা প্ৰায় ১২:৩০ বজাত ওদালগুৰি থানাৰ অন্তৰ্গত সিন্ধ্ৰিঝৰাত ওদালগুৰিৰ উপ- আৰক্ষী অধীক্ষক মইদুল ইছলাম, ওদালগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ন পটংগীয়াৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এটা এম ২০ পিষ্টল, এটা ৯ এম এম পিষ্টল, ২ টা মেগজিন, ১০ জাই সজীৱ গুলী।

ADVERTISEMENT

ইফালে জিলাখনৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং আমজুলি গাওঁত উদ্ধাৰ হয় দুটা একে ৫৬ ৰাইফল, তিনিটা মেগজিন, ৭.৬২ এম এমৰ পিষ্টলৰ ৭১ জাই সজীৱ গুলী। পুৱতি নিশা ৪:০০ বজাত ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া নিৰ্মল ঘোষ, হৰিশিঙা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰেমাংকুৰ হাজৰিকাৰ নেতৃত্বত চলিছিল এই অভিযান। বিগত দিনবোৰত জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে উদ্ধাৰ হৈ আহিছে অবৈধ অস্ত্ৰ-শস্ত্ৰ।

Exit mobile version