কৰ’না আতংকৰ পৰিপ্ৰেক্ষিতত ৩১ জুলাইলৈ বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা

air india reu

কৰ’না মহামাৰীৰ ভয়াবহতালৈ লক্ষ্য কৰি ৩১ জুলাইলৈ বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। ভাৰতীয় অসামৰিক বিমান পৰিবহণ নিগমৰ সঞ্চালক প্ৰধানে শুকুৰবাৰে ৩১ জুলাই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমানৰ চলাচল বন্ধ থাকিব বুলি ঘোষণা কৰিছে। অসামৰিক বিমান পৰিবহণৰ নিৰ্দেশনা অনুসৰি বিশেষ কাৰণত নিৰ্দিষ্ট পথেৰে কিছু সংখ্যক বিমান চলাচল কৰিব পাৰিব। কিন্তু এই ক্ষেত্ৰত মানিব লাগিব কেইবাটাও চৰ্ত।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে যোৱা ২৩ মাৰ্চৰ পৰা ভাৰতত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান পৰিবহণ  সেৱা বন্ধ হৈ আছে। ২৬ জুনত এক নিৰ্দেশনা যোগে অসামৰিক বিমান পৰিহণ নিগমে ১৫ জুলাই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সেৱা বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ৩১ জুলাইলৈকে এই ম্যাদ বঢ়াই দিয়ে। উল্লেখযোগ্য যে, বৰ্তমান ভাৰতৰ বিভিন্ন বিমান বন্দৰত  চলি আছে দুশৰো অধিক বিমান। বিমান বন্দৰত যাত্ৰীসকল উপস্থিত হোৱাৰ পিছতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে ।

Exit mobile version