তলাবন্ধৰ ক্ষতিপূৰণৰ বাবে ফ্ৰেব্ৰুৱাৰীলৈ পাঠদানঃ মাৰ্চত পৰীক্ষা

545687 school

ৰাজ্যৰ বিদ্যালয়সমূহত অহা ২৭ ফ্ৰেব্ৰুৱাৰী পৰ্যন্ত পাঠদান অনুষ্ঠিত হ’ব চলিত শিক্ষাবৰ্ষৰ পাঠ্যক্ৰম ৷ আনহাতে নৱম শ্ৰেণী পৰ্যন্ত চলিত শিক্ষাবৰ্ষৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ’ব মাৰ্চত ৷ শিক্ষাবৰ্ষৰ সময়সীমা পূৰ্বৰ ৩১ ডিচেম্বৰৰ পৰিৱৰ্তে ৩১ মাৰ্চলৈ বৃদ্ধিত ৰাজ্যিক কেবিনেটে যোৱা ২৯ জুনত অনুমোদন দিয়াৰ পাছতে এই সম্পৰ্কত ভৱিষ্যত কৰ্মপন্থা নিৰূপণ কৰিছে শিক্ষা বিভাগে ৷ বিভাগৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যোৱা ১৬ মাৰ্চৰ পৰা সম্পূৰ্ণৰূপে বন্ধ আছে শিক্ষানুষ্ঠানসমূহৰ পাঠদান ৷ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ এটা অমূল্য শিক্ষাবৰ্ষ যাতে বিনষ্ট নহয় সেয়া নিশ্চিতকৰণৰ বাবে ইতিমধ্যে শিক্ষাবৰ্ষৰ সময়সীমা ৩১ মাৰ্চলৈ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰয়োজনীয় অনুমোদন দিছে ৰাজ্যিক কেবিনেটে ৷

ইয়াৰ লগে লগে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে অতিৰিক্তভাৱে চলিত শিক্ষা বৰ্ষত লাভ কৰিব তিনিটা মাহ। পূৰ্বৰ শৈক্ষিক দিনপঞ্জী অনুসৰি ৩১ ডিচেম্বৰত সমাপ্ত হ’ব শিক্ষাবৰ্ষ ৷ কিন্তু ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে চলিত শিক্ষা বৰ্ষ অন্ত পৰিব ২০২১ৰ ৩১ মাৰ্চত । ফলত ছাত্ৰ ছাত্ৰীসকলে ২০২১ ৰ ২৭ ফ্ৰেব্ৰুৱাৰী পৰ্যন্ত পাঠগ্ৰহণৰ সুযোগ পাব আৰু পৰিস্থিতি ঠিকে থাকিলে মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা নৱম শ্ৰেণী পৰ্যন্ত অনুষ্ঠিত হ’ব বছৰেকীয়া পৰীক্ষা। লগতে ৩১ মাৰ্চৰ ভিতৰত শিক্ষানুষ্ঠানসমূহে ঘোষণা কৰিব বছৰেকীয়া পৰীক্ষাৰ ফলাফল ৷ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি যুগুত কৰা এই ভৱিষ্যত কৰ্মপন্থাৰ জৰিয়তে চলিত শিক্ষাবৰ্ষত ক্ষতিৰ পৰিমাণ ডেৰ দুমাহ হ্ৰাস পাব ।

Exit mobile version