মহানগৰীৰ কৰ’নাত মৃত ব্যক্তিক লৈ ৰহস্য

coronavirus4m utz5jt

অসমত কৰ’নাত আক্ৰান্ত লোকক লৈ খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে ৷ শেহতীয়াকৈ মহানগৰীৰ কুমাৰপাৰাৰ এফ এ ৰোডৰ বাসিন্দা আনোৱাৰ উল্লাহ (৭৩) নামৰ এজন লোকক লৈয়ে এনে খেলিমেলিৰ সংঘটিত হোৱা বুলি তেওঁৰ পৰিয়ালে অভিযোগ কৰিছে ৷প্ৰয়াত উল্লাহৰ সদৰী কৰে যে যোৱা ২৫ জুনৰ নিশা তেওঁৰ পিতৃৰ আকস্মিকভাৱে মৃত্যু হয় ৷পৰৱৰ্তী সময়ত মৃতদেহৰ পৰা নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰোতে তেওঁৰ পিতৃ কৰ’নাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ পৰা জনোৱা হয়। সেই অনুসৰিয়ে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ছাবিুপুল কবৰস্থানত জানাজা সম্পন্ন কৰে ৷ কিন্তু এই সমগ্ৰ ব্যৱস্থাটোক লৈ যি ধৰণৰ ঘটনা পৰিঘটনাৰ অব্যাহত আছে সেয়াহে তেওঁৰ বাবে একপ্ৰকাৰ ভেদ ভাঙিব নোৱাৰা ৰহস্যৰ সৃষ্টি কৰিছে বুলি ছুলতান উল্লাহে মন্তব্য কৰে ৷

ঘটনা সন্দৰ্ভত ছুলতান কয় যে যোৱা ২৫ মাৰ্চৰ নিশা আকস্মিকভাৱে অসুস্থ হৈ তেওঁৰ পিতৃৰ মৃত্যু হয় ৷ অচেতন হৈ পৰা পিতৃক তেওঁ নিশাই মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ লৈ যায় । কিন্তু চিকিৎসালয় পোৱাৰ পাছত চিকিৎসকে ইতিমধ্যে তেওঁৰ পিতৃ আনোৱাৰ উল্লাহৰ মৃত্যু হোৱা বুলি জনায় । লগতে চিকিৎসকে জানিবলৈ দিয়ে যে বৰ্তমানৰ নিয়ম অনুসৰি মৃতদেহৰ ক’ভিড১৯ পৰীক্ষা কৰিব লাগিব আৰু পৰীক্ষাৰ ফলাফল নোলোৱা পৰ্যন্ত মৃতদেহ স্বাস্থ্য বিভাগৰ জিম্মাত থাকিব ৷ সেই অনুসৰি আনোৱাৰ উল্লাহৰ মৃতদেহৰ পৰা নিশাই ক’ভিড১৯ৰ নমুনা সংগ্ৰহ কৰা হয়। ইয়াৰ পিছত ২৮ জুনত তেওঁক ফোন কৰি জনোৱা হয় যে তেওঁৰ প্ৰয়াত পিতৃ কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ।

আনহাতে মৰ্গত থকা মৃতদেহটোৰ শেষকৃত্য কেতিয়া সম্পন্ন কৰা হ’ব তাক লৈ গভীৰ অনিশ্চয়তাত পৰে পৰিয়ালৰ লোক। ২৮ জুনৰ পৰা তেওঁলোকৰ অপেক্ষা অন্ত পৰি পহিলা জুলাইৰ নিশাহে তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰি ৯.৩০ বজাতহে ক’ভিড আক্ৰান্তৰ ক্ষেত্ৰত ল’ব লগা ব্যৱস্থাৰে তেওঁৰ পিতৃৰ জানাজা জিলা প্ৰশাসনে সম্পন্ন কৰে। ইফালে ছুলতান উল্লাহৰ মন্তব্য অনুসৰি তেওঁৰ পিতৃ সচাকৈয়ে কৰ’নাত আক্ৰান্ত হৈছিল নেকি তাৰ তথ্য আজিলৈকে পোৱা নগ’ল ।

Exit mobile version