এজাক মৌ-মাখিৰ স’তে কেমেৰাৰ লেন্সত বন্দী এগৰাকী গৰ্ভৱতী

WhatsApp Image 2020 07 06 at 6.38.55 PM

পেটত এজাক মৌ -মাখিৰে স’তে এগৰাকী মহিলা । বিভিন্ন ভংগীমাত মৌ-মাখি জাকৰ স’তে উঠা এই বিশেষ ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত । আজিকালি প্ৰায় মহিলাই গৰ্ভাৱস্থাৰ এই সুন্দৰ মুহূৰ্তক কেমেৰাৰ লেন্সত চিৰ দিনলৈ সজীৱ কৰি ৰাখিবলৈ ‘মেটাৰনিটী ফটোশ্বুট ‘ কৰা দেখা যায় । কিন্ত এইগৰাকী মহিলাৰ ফটোশ্বুটৰ ‘থীম’ কিছু বেলেগ । প্ৰায় ১০হেজাৰ মৌ- মাখি পেটত লৈ ফটোশ্বুট কৰিছে টেক্সাছৰ বেথানী কাৰ্লোক বেকাৰ নামৰ এইগৰাকী গৰ্ভৱতী মহিলাই । এই বিশেষ ফটোখনে সাধাৰণতে আচৰিত কৰি তুলিছে সকলোকে । এই ফটো খনক লৈ ইণ্টাৰনেট ব্যৱহাৰকাৰী সকলেও নানা ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে ।

সদ্যহতে, কাৰ্লোক বেকাৰ এগৰাকী মৌ-পালক । এই ফটোখনৰ সন্দৰ্ভত তেওঁ কয় যে পূৰ্বে গৰ্ভৱতী অৱস্থাতে তেওঁৰ গৰ্ভপাত হৈছিল । গৰ্ভপাত হোৱাৰ পিছৰে পৰা কাৰ্লোচ বেকাৰ ডিপ্ৰেছনত ভুগিছিল । সেই সন্তানক হেৰুৱাৰ পিছৰে পৰা তেওঁৰ মনত এক অজান শংকাই খেদি ফুৰিছিল । সেই ভয়ৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ এটা সুকীয়া ধাৰণা মনত লৈ ফটোশ্বুট কৰিবলৈ মন মেলে । লগতে তেওঁ কয় যে, তেওঁৰ গৰ্ভত থকা এই সন্তান ডাঙৰ হৈ যেতিয়া মাকৰ এই ফটোবোৰ দেখিব তেতিয়া তেওঁৰ মাতৃৰ ভিতৰত লুকাই থকা এজন আজন্ম যোদ্ধাক উপলব্ধি কৰিব । অৱশ্যে কাৰ্লোচ বেকাৰে চিকিৎসকৰ পৰামৰ্শ লৈয়ে এইধৰণৰ ফটোশ্বুট কৰিবলৈ আগবাঢ়ে ।

Exit mobile version