চীনৰ বিৰুদ্ধে ভাৰতৰ জয়:পিছুৱাই গ’ল চীনা সৈন্য

border

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গালৱান সীমান্ত ভ্ৰমণৰ দুদিন পিছত পিছুৱাই যাবলৈ বাধ্য হ’ল চীন ।অৱশ্যে ইয়াৰ মাজতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ উপদেষ্টা অজিত ডোভালে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ লগত ভিডিঅ’ কনফাৰেঞ্চৰ যোগেদি দুঘণ্টা চীন ভাৰতৰ সীমান্ত সন্দৰ্ভত আলোচনা কৰে ৷ আৰু দেওবাৰে দুয়োখন দেশৰ উচ্চ পদস্থ সেনাৰ মাজত হোৱা মত বিনিময়ৰ পিছতে চীনে নিজৰ সেনাক পিছুৱাই নিবলৈ বাধ্য হয় ৷

ADVERTISEMENT

ইপিনে ভাৰত চীন সীমান্তৰ উত্তেজনাৰ মাজতে শুক্ৰবাৰে হঠাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয়গৈ লাডাখত ৷সীমান্তত উপস্থিত হৈ জোৱানসকলে দেশৰ প্ৰতি দিয়া আত্মবলিদানক প্ৰেৰণা দিয়াৰ লগতে জোৱানসকলক উদ্দেশ্য কৰি উদাত্ত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ আৰু লাডাখত জোৱানসকলৰ চিকিৎসালয়ত উপস্থিত হৈ আহত সকলৰ সাহস বৃদ্ধি কৰে ৷তেওঁলোকক প্ৰেৰণা দিয়ে মোদীয়ে ৷ ৷

উল্লেখযোগ্য যে ভাৰত চীন সীমান্তত ১৫ জুনত চীনৰ সেনাই ২০ জনকৈ ভাৰতীয় সেনাক আক্ৰমণ কৰিছিল ৷ইয়াৰ পিছতে সীমান্তত ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত হৈছিল দুয়োখন দেশৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ মাজত ৷প্ৰতিটো আলোচনাত ভাৰতে সীমান্তৰ পৰা চীনা সেনা আঁতৰাই নিয়াৰ দাবী জনাইছিল।

Exit mobile version