বজালীৰ অকয়াত হঠাৎ বৃহৎ বানপানী

bajali

অাজি হঠাতে কালদিয়াৰ বাঢ়নি পানীয়ে বজালীৰ অকয়াত সৃষ্টি কৰিলে বানপানী ৷ দিনৰ দুপৰীয়া হঠাতে কালদিয়া নদীয়ে বুৰাই পেলালে ৰাজপথৰ লগতে স্থানীয় বাসিন্দাৰ চোতাল অাৰু ঘৰ ৷ দিনৰ ফৰকাল অৱস্থাত স্থানীয় গাঁৱবাসী এনে দৃশ্য দেখি আচৰিত হৈ পৰিল ৷ উল্লেখযোগ্য যে কেইদিনমান আগতে অকয়াৰ উত্তৰ হাটীত কালদিয়া নদীৰ মথাউৰি ভাগি বান পানী সৃষ্টি হৈছিল ৷ কিন্তু বিগত সময়চোৱাত বতৰ ফৰকাল হোৱাত পানী শুকাইছিল ৷ কিন্তু অাজি হঠাতে দিনৰ ১ বজাৰ ভিতৰতে কালদিয়া নদীৰ পানীৰ ফলত বৃহত্তৰ অকয়া অঞ্চল ডুব যায় ৷ সকলোৰে মাজত চৰ্চ্চা অনুসৰি হঠাৎ ভূটানে পানী এৰি দিয়াৰ পৰিণতিত এনেদৰে ভগা মথাউৰিৰে পানী সোমাই বানপানী হোৱা বুলি ধাৰণা কৰা হৈছে ৷

যদি এনেদৰে পানী বাঢ়ি থাকে তেন্তে কম সময়ৰ ভিতৰতে বজালীত বৃহৎ বানপানীয়ে সমস্যাৰ সৃষ্টি কৰিব৷ সেয়া নিশ্চিত ৷ আনহাতে অকয়াৰ সমীপৰ নন্দচুপাততো মথাউৰি ভাগি থকা পৰিণতিত সেইফালেৰে পানী বাগৰি এতিয়া ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এনে বানপানীৰ পৰিণতিত বিগত এসপ্তাহ পূৰ্বে স্থানীয় বিদ্যালয়ত দূৰ্গতৰ বাবে আশ্ৰয় শিবিৰ স্থাপন কৰিব লগা হৈছিল৷বাঢ়নি পানীয়ে উত্তৰ বজালীৰ অকয়া, উলুৱা, নিত্যানন্দ, ৰিহাবাৰী, চৈবাৰী, বদন কুচি আদি স্থান বুৰাই পেলায় বানৰ সৃষ্টি কৰিছিল ৷ স্বাভাৱিকতে যদি এনে হাৰত পানী বাঢ়ি থাকে তেন্তে নিশাৰ ভিতৰতে যে বজালী বাসীয়ে আকৌ এবাৰ বানৰ কবলত পৰি জীয়াতু ভুগিব লাগিব সেয়া নিশ্চিত ৷ এনে অবস্থাত বজালী মহকুমা প্ৰশাসন যথেষ্ঠ সতৰ্ক হৈ বানপীড়িতৰ ওচৰত ঠিয় হৈছে ৷

Exit mobile version