ৰহস্যময় এখন আত্মঘাতী অৰণ্য

31105585103 4c32392ac1 k

মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ এখন অৰণ্য।এই অৰণ্যৰ গভীৰ, ঘন জংঘলৰ মাজতেই লুকাই আছে ক’ত জন আত্মঘাতীৰ ঠিকনা । এই গভীৰ অৰণ্যৰ মাজলৈ দলে দলে মানুহ যায় নিজকে নিঃশেষ কৰিবলৈ । জাপানৰ আগ্নেয়গিৰি পৰ্বত ফুজিৰ উত্তৰ-পশ্চিমৰ আওকিগাহাৰাত অৱস্থিত এইখন অৰণ্য। ‘ছুইচাইড ফৰেষ্ট ‘ নামৰে জনাজাত এই অৰণ্য খনৰ পোছাকি নাম আওকিগাহাৰা জুকাই । প্ৰায় ১৩.৫ বর্গমাইল অঞ্চলজুৰি বিস্তৃত হৈ আছে এই অৰণ্যখন । প্ৰতি বছৰে জাপানৰ বিভিন্ন স্থানৰ পৰা এই জংঘললৈ আগমন ঘটে জীৱনৰ প্ৰতি উদাসীন লোকৰ । তেওঁলোক আহে চিৰকাললৈ হেৰাই যোৱাৰ বাবে ।অৰণ্যখন ইমানেই ঘন যে দীর্ঘদিনলৈ মৃতদেহৰ সন্ধানেই পোৱা নাযায়।

পৰিসংখ্যা অনুসৰি, প্ৰতি বছৰে কমেও এশ লোকে এই জংঘলত আত্মহত্যা কৰে । অৱশ্যে কোনো কোনোৱে আত্মহত্যাৰ চেষ্টাত ব্যৰ্থ হৈ উভতিও যায় । অৱশ্যে জাপান চৰকাৰ তৰফৰ পৰা আত্মহত্যাৰ প্ৰৱণতা হ্রাসৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰা হৈছে। ‘ছুইচাইড ফৰেষ্ট’ত টহলদাৰীও বৃদ্ধি কৰা হৈছে । অৰণ্যৰ বিভিন্ন অংশত মনোবল বৃদ্ধি কৰিব পৰা নানা বাক্য লিখি ছাইনব’ৰ্ড আঁৰি দিয়া হৈছে । তথাপি ব্যতিক্ৰম ঘটা নাই । এই জংঘলকে কিয় জীৱনৰ অন্তিম ঠিকনাৰূপে গণ্য কৰা হয়, সেই সন্দৰ্ভতো অনেক চর্চা চলিছে । জাপান চৰকাৰে পূৰ্বতে প্ৰতি বছৰে জংঘলৰ পৰা উদ্ধাৰ কৰা মৃতদেহৰ সংখ্যা সদৰী কৰিছিল ।কিন্তু কিছু বছৰৰ পৰা সংখ্যা প্ৰকাশ কৰাটো বন্ধ কৰা হৈছে, যাতে জনমানসত আত্মহত্যাৰ প্ৰৱণতা কমে । অৱশ্যে ইমানবোৰৰ পাছতো এই অৰণ্যখনত মানুহৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱা নাই।

Exit mobile version