ৰিলায়েন্স জিঅ’ৰ বিনামূলীয়া ভিডিঅ’ কলিং এপ

unnamed

আকৌ এবাৰ নতুন চমক দিবলৈ সাজু হৈছে ৰিলায়েন্স জিঅ’। ভিডিঅ’ কলিং এপ ‘জুম’ৰ প্ৰতিদ্বন্দী হিচাপে যুঁজত নামি পৰিছে এইবাৰ ‘জিঅ’মিট’। জুমৰ দৰে ৪০মিনিট সময়ৰ কোনো বাধ্যবাধকতাও নাথাকিব জিঅ’মিটত । এবাৰত ২৪ ঘণ্টা পৰ্যন্ত বাৰ্তালাপ কৰিব পাৰিব এই নতুন এপৰ মাধ্যমত । সবাতোকৈ ডাঙৰ কথা এই নতুন এপটো হ’ব বিনামূলীয়া। জিঅ’ৰ তৰফৰ পৰা জনোৱা হৈছে যে এই নতুন এপৰ মাধ্যমত এইছ ডি মানৰ অডিঅ’ তথা ভিডিঅ’ কলত একে সময়তে শতাধিক সংযোগকাৰীৰে বাৰ্তালাপ সম্ভৱ হ’ব । তদুপৰি ‘স্ক্ৰীন শ্বেয়াৰিং’ অথবা ‘মিটিং’ সূচি প্ৰস্তুত কৰিব পৰা একাধিক সুবিধাও থাকিব এপটোত । ইতিমধ্যে এই এপৰ ‘বিটা টেষ্টিং’ সম্পন্ন হৈ গৈছে ।

গুগ’ল প্লে ষ্ট’ৰ’ৰ পৰা ইতিমধ্যে পাঁচ লাখৰো অধিকে এই এপ ‘ডাউনলোড’ কৰিছে । নিজৰ গোপনীয়তা অক্ষুন্ন ৰাখিবলৈ এই এপ সক্ৰিয় কৰাৰ সময়তে ই-মেইল আই ডিৰ বাহিৰেও ম’বাইল নম্বৰৰে ‘চাইন -আপ ‘ কৰিব লাগিব । সুৰক্ষা অধিক বৃদ্ধি কৰিবলৈ প্ৰতিখন মিটিঙতে পৃথক ‘পাছৱৰ্ড’ ব্যৱহাৰ কৰাৰো সুবিধা থাকিব । নিৰ্দিষ্ট দিনৰ পূৰ্বেই মিটিঙৰ সূচী প্ৰস্তুত কৰাৰ লগতে প্ৰতিদিনে একাধিক ভিডিঅ’ কনফাৰেন্সৰো সুবিধা থাকিব জিঅ’মিটত । জুমত সদ্যহতে ৪০ মিনিটৰ অধিক কল কৰিলে মাহিলী ১৫ মাৰ্কিন ডলাৰ বা ভাৰতীয় মুদ্ৰাত ১১ শ টকা গ্ৰাহক সকলে ব্যয় কৰিবলগীয়া হয় কিন্ত জিঅ’মিট ব্যৱহাৰ কৰা সকলে বছৰত মাত্ৰ ১৩৫০ টকাহে ব্যয় কৰিবলগীয়া হ’ব । আনহাতে, একক ম’বাইল স্ক্ৰীনত ‘জুম’ৰ দ্বাৰা একে সময়তে চাৰিজনৰ পৰিৱৰ্তে সৰ্বাধিক নজন পৰ্যন্ত ব্যৱহাৰকাৰীক দেখা পোৱা যাব এই এপৰ মাধ্যমত ।

Exit mobile version