কৰ’নাত আক্ৰান্ত হোৱাৰ প্ৰতিযোগিতা

Untitled design 2020 07 03T173647.703

স্বেচ্ছাই ক’ভিড-১৯ ত আক্ৰান্তই লাভ কৰিব নগদ ধনৰ পুৰস্কাৰ। আচৰিত যেন লাগিলেও এই ঘটনা সংঘটিত হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰত । কৰ’না সংক্ৰমণৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰত কলেজ-বিশ্ববিদ্যালয় আদি বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত ঘৰত বহি থকা দেশৰ যুৱক-যুৱতী সকলে অলসভাৱে সময় পাৰ কৰিবলৈ গোপনে আয়োজন কৰিবলৈ লৈছে পাৰ্টিৰ । এনে পাৰ্টীৰ নাম দিয়া হয় ‘ক’ভিড -১৯ পাৰ্টি’। একমাত্ৰ যুৱক-যুৱতীসকলেহে উপস্থিত থাকিব পাৰে এনে পাৰ্টিত । সমগ্ৰ নিশাজুৰি অব্যাহত থাকে এনে পাৰ্টি। কোনো ধৰণৰ সামাজিক দূৰত্বৰ নীতিক অনুসৰণ কৰা নহয় এনে পাৰ্টিত । নিৰ্বিচাৰে মদ্যপান কৰে পাৰ্টিত উপস্থিত থকাসকলে। পাৰ্টিত উপস্থিত হোৱাৰ সময়তে যুৱক-যুৱতী সকলে নিৰ্দিষ্ট অংকৰ ধন প্ৰদান কৰিবলগীয়া হয় আয়োজকৰ হাতত । পাৰ্টি সম্পূৰ্ণ হোৱাৰ তিনি দিন পাছত পাৰ্টিত উপস্থিত থকাসকলৰ ক’ভিড-১৯ ৰ পৰীক্ষা কৰা হয় । যিসকলৰ ক’ভিড-১৯ পজিটিভ হয় সেইসকলে ইতিমধ্যে আয়োজকৰ হাতত দিয়া ধন লাভ কৰে । জীৱনটো অধিকভাৱে উপভোগ কৰিব পৰাকৈ সেয়েহে স্বেচ্ছাই কৰ’নাত আক্ৰান্ত হোৱাৰ প্ৰয়াস কৰে নতুন প্ৰজন্মৰ বুলি পৰিচয় দিয়া এইসকল যুৱক-যুৱতীয়ে । আলবামাত এনে পাৰ্টি অধিক হাৰত হ’বলৈ লৈছে । এই ক্ষেত্ৰত প্ৰশাসন শেহতীয়াকৈ সক্ৰিয় হৈ পৰিছে । প্ৰদেশখনৰ তুচকালস্কা চহৰৰ কাউন্সিলৰ ছানিয়া মেকিনিষ্টিৰ কাণত এই পাৰ্টিৰ খবৰ পৰাৰ পাছত তদন্তৰ নিৰ্দেশ দিয়ে দুৰ্যোগ ব্যৱস্থাপনা বিভাগক । ইয়াৰ পাছতে কৰা তদন্তত প্ৰকৃত সত্য পোহৰলৈ আহে । এই ঘটনাক ইতিমধ্যে ব্যাপকভাৱে সমালোচনা কৰা হৈছে।

Exit mobile version