স্বেচ্ছাই ক’ভিড-১৯ ত আক্ৰান্তই লাভ কৰিব নগদ ধনৰ পুৰস্কাৰ। আচৰিত যেন লাগিলেও এই ঘটনা সংঘটিত হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰত । কৰ’না সংক্ৰমণৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰত কলেজ-বিশ্ববিদ্যালয় আদি বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত ঘৰত বহি থকা দেশৰ যুৱক-যুৱতী সকলে অলসভাৱে সময় পাৰ কৰিবলৈ গোপনে আয়োজন কৰিবলৈ লৈছে পাৰ্টিৰ । এনে পাৰ্টীৰ নাম দিয়া হয় ‘ক’ভিড -১৯ পাৰ্টি’। একমাত্ৰ যুৱক-যুৱতীসকলেহে উপস্থিত থাকিব পাৰে এনে পাৰ্টিত । সমগ্ৰ নিশাজুৰি অব্যাহত থাকে এনে পাৰ্টি। কোনো ধৰণৰ সামাজিক দূৰত্বৰ নীতিক অনুসৰণ কৰা নহয় এনে পাৰ্টিত । নিৰ্বিচাৰে মদ্যপান কৰে পাৰ্টিত উপস্থিত থকাসকলে। পাৰ্টিত উপস্থিত হোৱাৰ সময়তে যুৱক-যুৱতী সকলে নিৰ্দিষ্ট অংকৰ ধন প্ৰদান কৰিবলগীয়া হয় আয়োজকৰ হাতত । পাৰ্টি সম্পূৰ্ণ হোৱাৰ তিনি দিন পাছত পাৰ্টিত উপস্থিত থকাসকলৰ ক’ভিড-১৯ ৰ পৰীক্ষা কৰা হয় । যিসকলৰ ক’ভিড-১৯ পজিটিভ হয় সেইসকলে ইতিমধ্যে আয়োজকৰ হাতত দিয়া ধন লাভ কৰে । জীৱনটো অধিকভাৱে উপভোগ কৰিব পৰাকৈ সেয়েহে স্বেচ্ছাই কৰ’নাত আক্ৰান্ত হোৱাৰ প্ৰয়াস কৰে নতুন প্ৰজন্মৰ বুলি পৰিচয় দিয়া এইসকল যুৱক-যুৱতীয়ে । আলবামাত এনে পাৰ্টি অধিক হাৰত হ’বলৈ লৈছে । এই ক্ষেত্ৰত প্ৰশাসন শেহতীয়াকৈ সক্ৰিয় হৈ পৰিছে । প্ৰদেশখনৰ তুচকালস্কা চহৰৰ কাউন্সিলৰ ছানিয়া মেকিনিষ্টিৰ কাণত এই পাৰ্টিৰ খবৰ পৰাৰ পাছত তদন্তৰ নিৰ্দেশ দিয়ে দুৰ্যোগ ব্যৱস্থাপনা বিভাগক । ইয়াৰ পাছতে কৰা তদন্তত প্ৰকৃত সত্য পোহৰলৈ আহে । এই ঘটনাক ইতিমধ্যে ব্যাপকভাৱে সমালোচনা কৰা হৈছে।
কৰ’নাত আক্ৰান্ত হোৱাৰ প্ৰতিযোগিতা
-
By publisher

Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026