চীনক চাইকেল যোগানৰ নশ কোটিৰ চুক্তি বাতিলৰ সিদ্ধান্ত হিৰো চাইকেলৰ অধ্যক্ষৰ

topimg 32747 pankaj munjal

চীনক চাইকেল যোগানৰ বাবে কৰা চুক্তি শেহতীয়াকৈ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিৰো চাইকেলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পংকজ মুঞ্জলে । উল্লেখ্য যে চীনক চাইকেল যোগানৰ বাবে হিৰো চাইকেলৰ স’তে নশ কোটি টকাৰ চুক্তি সম্পন্ন হৈছিল । ভাৰত-চীনৰ শেহতীয়া যুদ্ধ সদৃশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে এই চুক্তি একপক্ষীয়ভাৱে বাতিল কৰিছে হিৰো চাইকেলে ।

মুঞ্জলে জনোৱা অনুসৰি, অহা তিনি মাহত চীনক নশ কোটি টকাৰ চাইকেল যোগান ধৰিবলৈ এখন বাণিজ্যিক চুক্তি সম্পন্ন হৈছিল; শেহতীয়াকৈ চীনক বর্জনৰ বাবে দেশজুৰি নতুন ৰূপত আন্দোলন আৰম্ভ হৈ গৈছে । দেশবাসীয়ে চীনৰ পৰা অহা পণ্য বৰ্জন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । এনে পৰিস্থিতিত চীনৰ বিৰুদ্ধে তথা দেশৰ স্বাৰ্থত থিয় হৈছে হিৰো চাইকেল । বাণিজ্যিক চুক্তি খন বৃহৎ অংকৰ হ’লেও দেশৰ স্বাৰ্থতে চুক্তি বাতিলৰ সিদ্ধান্ত লয় ভাৰতৰ জনপ্ৰিয় কোম্পানীটোৱে ।

মুঞ্জলে কয় যে তলাবন্ধৰ ফলত কোম্পানীৰ আৰ্থিক ক্ষতি হোৱা সত্ত্বেও দেশৰ স্বাৰ্থত কোনো আপোচ কৰিব নিবিচাৰে হিৰো চাইকেলে । চীনৰ স’তে হোৱা চুক্তি বাতিলৰ পাছত বিদেশত চাইকেল ৰপ্তানিৰ বাবে নতুন বজাৰৰ সন্ধান কৰা হ’ব । ইতিমধ্যে এই সন্দৰ্ভত দুই-এখন দেশৰে চুক্তি সম্পন্ন কৰাৰ পথত অগ্ৰসৰ হৈছে কোম্পানী । অগ্ৰাধিকাৰ ভিত্তিত সবাতোকৈ আগত আছে জাৰ্মানী । এই দেশখনত হিৰোচাইকেলৰ এটি নতুন কাৰখানা স্থাপনৰ পৰিকল্পনাও আছে কোম্পানীৰ।

Exit mobile version