কৰ’নাত আক্ৰান্তৰ সংখ্যাই ভংগ কৰিছে সকলো অভিলেখ

coronavirus4m utz5jt

পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি দেশত একেদিনাই কৰ’নাত আক্ৰান্ত হৈছে ২৫ হাজাৰ লোক ৷ আনহাতে মৃত্যু হৈছে প্ৰায় ৪০০ জন লোকে ৷ ইয়াৰ লগে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৭,৬৭,২৯৬ জনলৈ বৃদ্ধি পালে আৰু মৃত্যুৰ সংখ্যা ২১,১২৯ গৰাকীলৈ বৃদ্ধি পালে ৷ আনহাতে সুস্থ হৈ উঠিছে ৪৭,৬৩৭৭ জন । ইফালে অসমতো বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ১৪,০৩২ জনলৈ বৃদ্ধি পাইছে । আনহাতে সুস্থ হৈ উঠিছে ৮৭২৬ জন, মৃত্যু হৈছে ২৪ জন ৷ কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫২৮১ জন।

ইপিনে গুৱাহাটী মহানগৰীত কৰ’নাৰ প্ৰতিৰোধৰ কাৰণে তলাবন্ধ দিয়া হৈছে যদিও সংক্ৰমণৰ গতি বৃদ্ধি হৈছে । ৰাজ্যত নতুনকৈ ৬৯৬ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে কৰ’না ভাইৰাছৰ লক্ষণ ৷ ইয়াৰে ৪২৩ জনেই মহানগৰীৰ ৷ সম্প্ৰতি মহানগৰীত হোৱা কৰ’নাৰ সংক্ৰমণলৈ লক্ষ্য কৰিলে সকলোৰে মাজত উদ্বেগৰ সৃষ্টি কৰিছে ৷ ইয়াত মাজতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে মাস্ক পৰিধান কৰিবলৈ কোৱাৰ লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান কৰিছে ।

Exit mobile version