কৰ’নাত মৃত্যু হোৱা ৫৩ শতাংশ লোকেই ৬০ বছৰীয়া

coronavirus4m utz5jt

সমগ্ৰ বিশ্বত কৰ’নাৰ সন্ত্ৰাসৰ মাজতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে কয় যে জনসংখ্যাৰ আধাৰত ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ দেশ । ইমান বৃহৎ সংখ্যক জনসংখ্যা থকা সত্তেও ভাৰতে কৰ’না ভাইৰাছ নিয়ন্ত্ৰণত সাফল্য অৰ্জন কৰিছে ৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে দেশৰ কৰ’নাত মৃত্যু হোৱা ৫৩ শতাংশ লোকেই ৬০ বছৰ বয়সৰ ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ বিষয়া ৰাজেশ ভূষণে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি সম্প্ৰতি ভাৰতত প্ৰতি দহ লাখৰ ভিতৰত প্ৰায় ৫৩৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷

আনহাতে কিছু সংখ্যক দেশৰ কৰ’নাত আক্ৰান্তৰ সংখ্যা ভাৰততকৈ বেছি ৷ ভাৰতত প্ৰতি দহ লাখৰ ভিতৰত ১৫ জনৰ মৃত্যু হৈছে । ভাৰতত সম্প্ৰতি ৪৭,৬৩৭৭ জন লোক সুস্থ হৈ উঠিছে । ইফালে গৃহ মন্ত্ৰ্যালয়ৰ সংযুক্ত সচিব পুণ্য সলিলা শ্ৰীবাস্তৱে কয় যে দিল্লীত ক’ভিড-১৯ ৰ ক্ষেত্ৰত উন্নতি হৈছে ৷ তেওঁ কয় যে ৮ জুলাইলৈকে ৬,৭৯,৮৩১ জনৰ কৰ’না পৰীক্ষা কৰা হৈছে । আজি দিল্লীত প্ৰায় ২৩,৪৫২ টা কৰ’না আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে  ৷ আৰু সুস্থ হোৱাৰ পৰিমাণ হৈছে ৭২ শতাংশ।

Exit mobile version