প্ৰশ্নৰ মুখত সংক্ৰমণৰ বৃদ্ধিত ‘হাৰ্ড ইমি‍‍্যউনিটী ‘গঠনৰ তত্ত্ব

Coronavirus

এখন দেশৰ ৭০ৰ পৰা ৯০ শতাংশ লোক যদি কোনো ৰোগত আক্ৰান্ত হৈ সুস্থ হৈ উঠে, তেন্তে দেশখনৰ বাকী জনসাধাৰণৰ মাজত প্ৰাকৃতিকভাৱেই সেই ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠে বুলি ধাৰণা কৰি আহিছে বিশেষজ্ঞই । ধাৰণা কৰা হৈছিল যে এই ‘হাৰ্ড ইমি‍‍্যউনিটী’ বা গোষ্ঠী প্ৰতিৰোধ তত্ত্ব হয়তো কৰ’না বিৰুদ্ধে চলা সংগ্ৰামত কাৰ্যকৰী হ’ব পাৰে । কিন্ত স্পেইনৰ এক নতুন সমীক্ষাত প্ৰশ্ন উঠিছে, সংক্ৰমণৰ মাত্ৰা বাঢ়িলেও জানো জনসাধাৰণৰ শৰীৰত ‘হাৰ্ড ইমি‍‍্যউনিটী’গঠন হয় ? ৬০হেজাৰৰো অধিক মানুহক লৈ কৰা উক্ত সমীক্ষাত দেখা গৈছে যে স্পেইনত আক্ৰান্তৰ সংখ্যা প্ৰায় তিনি লক্ষ হ’লেও ‘এন্টিব’ডী’ তৈয়াৰ হৈছে মাত্ৰ পাঁচ শতাংশৰ ।

প্ৰতিবেদনত কোৱা হৈছে যে স্পেইনৰ উপকূলীয় অঞ্চলসমূহত ‘এন্টিব’ডী’ গঠনৰ হাৰ তিনি শতাংশৰ তলত । অথচ ”হাৰ্ড ইমি‍‍্যউনিটী ‘ৰ তত্ত্ব অনুসৰি ,সেইবোৰ অঞ্চলতে সংক্ৰমণৰ হাৰ বেছি হ’ব যিবোৰ স্থানত মানুহৰ শৰীৰত ‘এন্টিব’ডী’ সৃষ্টিৰ হাৰো বেছি থাকিব । স্পেইনৰ উপকূল অঞ্চলসমূহত তেনেহ’লে ‘হাৰ্ড ইমি‍‍্যউনিটী’ৰ তত্ত্বই কাম দিয়া নাই কিয় বুলিও প্ৰশ্ন উত্থাপন হৈছে । এই সন্দৰ্ভত গৱেষকসকলৰ একাংশই ব্যাখ্যা কৰিছে যে স্পেইনত ক’ভিড -১৯ ৰ প্ৰভাৱ মাৰাত্মক হ’লেও কোনো নিৰ্দিষ্ট অঞ্চলত বহুসংখ্যক লোক একেলগে সংক্ৰমিত হোৱা নাছিল ।

ফলত দেশখনৰ জনসাধাৰণৰ মাজত ‘হাৰ্ড ইমি‍‍্যউনিটী’ সৃষ্টি হোৱা নাছিল । প্ৰকৃততে কৰ’না প্ৰতিৰোধত বিজ্ঞানীসকলে ‘হাৰ্ড ইমি‍‍্যউনিটী’ সৃষ্টিৰ ভৰসাতে আৰু ৰৈ থাকিব বিচৰা নাই । এই পৰিস্থিতিতে কৰ’নাৰ টিকা প্ৰস্তুতকাৰক কোম্পানী ন’ভাভেক্সৰ স’তে আমেৰিকা চৰকাৰৰ ১৬০ কোটি ডলাৰৰ চুক্তি হৈছে ।ইপিনে, ৰাষ্ট্ৰসংঘই সম্প্ৰতি সতৰ্ক কৰি দিছে যে পৰিৱেশ আৰু বন্যপ্ৰাণ ৰক্ষাৰ চেষ্টা নকৰিলে নানা প্ৰাণীৰ পৰা সংক্ৰমিত হ’ব পৰা ৰোগৰ প্ৰকোপো ক্ৰমাৎ বৃদ্ধি পাব।

Exit mobile version