বিধ্বস্ত পথক লৈ অতীষ্ঠ ৰাইজ

WhatsApp Image 2020 07 09 at 8.21.56 PM

এফালে কৰ’নাৰ আতংক আনফালে আকৌ বিধ্বস্ত পথক লৈ ৰাইজৰ বিলৈ বিপত্তি নোহোৱা হৈছে পশ্চিম কাৰ্বি আংলঙৰ লাংমেপী-আমাঙত  ৷ যাৰ কাৰণে পুৰুষ মহিলাই লেজু লগাই টানিব লগীয়া হৈছে চাৰি চকীয়া বাহন। উল্লেখযোগ্য যে আজি পুৱাই অঞ্চলটোৰ একাংশ কৃষিজীৱী পুৰুষ-মহিলাই অঞ্চলটোত উৎপাদিত কঁঠাল, পাহাৰীয়া শাক-পাচলি আদি লৈ বিক্ৰীৰ বাবে বজাৰলৈ বুলি ওলাইছিল । কিন্তু পথত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত আৰু গাঁতত গাড়ীৰ চকা সোমায় যোৱাত যাত্ৰীয়ে প্ৰচণ্ড ক্ষোভ উজাৰে কাৰ্বি আংলঙৰ লাংমেপীবাসীয়ে ৷

কৰ’নাৰ আতংকৰ মাজতে জনসাধাৰণৰ আৰ্থিক অনাটনৰ কাৰণে সংঘাত কৰিব লগা হৈছে ৷ পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰ সলনি হ’ল কিন্তু সলনি নহ’ল লাংমেপী-আমাঙৰ বাট পথৰ ছবি । ফলত শেহতীয়াকৈ জীয়াতো ভূগি অতিষ্ঠ হোৱা ৰাইজে শীঘ্ৰেই লাংমেপী-আমঙৰ পথ মেৰামতি অথবা নিৰ্মাণ কৰাৰ দাবী তুলিছে । অন্যথা অনাগত সময়ত তথা নিৰ্বাচনত কোনো দলৰ নেতা-কৰ্মী অথবা প্ৰাৰ্থীক অঞ্চলটোত প্ৰবেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ দি নিজৰ ক্ষোভ উজাৰিছে লাংমেপী-আমাঙবাসীয়ে।

Exit mobile version