ভিয়েটনামত নিৰ্মাণ হৈছে বিশ্বৰ প্ৰথম স্বৰ্ণখচিত হোটেল

Gold Hotel Vietnam

দেৱালৰ পৰা আৰম্ভ কৰি ছাদ পৰ্যন্ত সোণৰ জিলিকনি । স্বর্ণখচিত শৌচাগাৰ, বিছনা, আচবাব আদি চালে চকু ৰোৱা । হোটেল খনৰ অন্তৰ্ভাগ আৰু বহিঃভাগ উভয়তে ব্যৱহাৰ কৰা হৈছে ২৪কেৰেটৰ সোণ । হোটেলৰ দেৱালতে নহয়, টয়লেট ছিট, লবী, সামূহিক ছুইমিং পুল, কোঠা, কোঠাত থকা সকলো আচবাব, আনকি বাথৰূমৰ শ্বাৱাৰ নিৰ্মাণতো ব্যৱহাৰ কৰা হৈছে খাটি সোণ । এই আটক ধুনীয়া হোটেল খন সম্প্ৰতি নিৰ্মাণ হৈ আছে ভিয়েটনামৰ ৰাজধানী হেনইত । সেইখনেই হৈছে সোণৰ পিৰিচ খচিত বিশ্বৰ প্ৰথমখন হোটেল । ২০০৯ তে এই হোটেলৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ।

এই ছয় তাৰকাযুক্ত এই হোটেলখনৰ নাম ৰখা হৈছে ‘ডলচ্ হেনই গ’ল্ডেন লেক’ । হোটেল খনৰ নিৰ্মাণ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় ১৫শ কোটি । এই হোটেল খন নিৰ্মাণ কৰিছে ভিয়েটনামৰ প্ৰসিদ্ধ হুৱা বিন গ্ৰুপে ।হোটেল খনৰ পৰিচালনাৰ দায়িত্ব পালন কৰিছে আমেৰিকাৰ প্রতিষ্ঠান উইনধাম হোটেল গ্ৰুপে । হোটেল খনৰ ভিতৰ আৰু বাহিৰত পাঁচ হেজাৰ বৰ্গমিটাৰৰ চেৰামিক টাইলছ্ বহুওৱা হৈছে । সম্পূৰ্ণ সোণেৰে এই ধৰণৰ টাইলছ্ নিৰ্মাণ কৰা হয় । সোণৰ পিৰিচেৰে মেৰিওৱা এই ২৫ মহলাৰ হোটেলৰ ছাদত আছে সামূহিক ছুইমিংপুল । হোটেলখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’লেও ইতিমধ্যে কিছু ব্যৱসায় আৰম্ভ হৈছে । মজাৰ কথা এটাই যে এই হোটেল খনত এনিশা কটোৱাৰ বাবে বৰ বেছি মূল্য ভৰিব নালাগে । কিয়নো হোটেলখনৰ কোঠাৰ নূন্যতম ভাড়া হৈছে ভাৰতীয় মুদ্ৰাত প্ৰায় ১৯হেজাৰ টকা । কোনো লোকে ইচ্ছা কৰিলে হোটেলখনত এপাৰ্টমেণ্টো ভাড়া ল’ব পাৰে । ইয়াৰ বাবে অৱশ্যে প্ৰায় পাঁচ লাখ টকা ব্যয় কৰিব লাগিব ।

Exit mobile version