সামাজিক দূৰত্বক ভেঙুচালি কৰি ৰাজগড় বিহুতলীত পাচলিৰ দোকানত অভাৱনীয় ভীৰ

WhatsApp Image 2020 07 09 at 8.30.44 PM

গুৱাহাটী মহানগৰীৰ ৰাজগড় বিহুতলীত আজি পাচলি ব্যৱসায়ৰ দোকানত যথেষ্ট ভীৰ দেখা পৰিলক্ষিত হয় ৷ বিগত কিছুদিনৰ বাবে মহানগৰবাসীয়ে তলাবন্ধৰ বাবে পাচলি ক্ৰয় কৰিব পৰা নাছিল ৷ আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ বিভিন্ন অঞ্চলত পাচলি যোগানৰ অনুমতি প্ৰদান কৰে ৷ সেই মৰ্মেই ৰাজগড় বিহুতলীত এখন ডি আই ভেনেৰে পাছলি বিক্ৰী কৰিবলৈ আৰম্ভ কৰে ৷ তেনে সময়ত এচাম গ্ৰাহকে হেতাওপৰা দি সামগ্ৰী কিনিবলৈ আহে ৷

অতি আচৰ্য্যজনক কথা যে কৰ’না মহামাৰী ভাইৰাছৰ বাবেই ৰাজ্যৰ স্বাস্থ্য বিভাগে সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ লগতে প্ৰতিগৰাকী ব্যক্তিক মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনাই আহিছে ৷ তেনেস্থলত এচাম মহানগৰবাসী ৰাইজে চৰকাৰী নীতিনিয়ম সম্পূৰ্ণ জলাঞ্জলি দি সামগ্ৰী ক্ৰয় কৰাত ব্যস্ত হৈ পৰিছে ৷ আনহাতে পাচলি ক্ৰয় কৰাৰ প্ৰতিযোগিতাত দুই এগৰাকী গ্ৰাহকৰ মাজত কাজিয়াৰো সৃষ্টি হয় ৷

ইপিনে ব্যৱসায়ী সকলে মুখত মাস্ক পৰিধান নকৰাকৈ সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰ বাবেই সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে স্থানীয় আৰক্ষী থানা চানমাৰীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক অৱগত কৰে যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে ব্যৱসায়ী সকলে অধিক মূল্যত সামগ্ৰী বিক্ৰী কৰা বুলি একাংশ গ্ৰাহকে জানিবলৈ দিয়ে ৷ জানিব পৰা মতে বেঙেনা প্ৰতি কেজিত ৫০ টকা, তিতা কেৰেলা ৫০ টকা, স্কোৱাছ ৬০ টকা, ভোল ৪০ টকা, বন্ধাকবি ৩০ টকা, মুলা ৫০ টকা, ভোল ৪০ টকা, ৰঙালাউ ৫০ টকা, টিয়হ ৬০ টকাত বিক্ৰী হয় কৰিছে ব্যৱসায়ীয়ে ৷

Exit mobile version