■ প্রধানমন্ত্ৰীৰ ফ্লেগশ্বিপ কাৰ্যসূচীসমূহৰ লগতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক তথা উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণৰ কাম যাতে ক’ভিড-১৯ ৰ অজুহাতত বাধাগ্ৰস্ত নহয়, সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ জিলা প্ৰশাসনসমূহক নিৰ্দেশ দিয়ে।
■ ৰাজ্যখনত কৃষি আৰু আনুষংগিক খণ্ডৰ কাম-কাজ ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ লগতে বৃহৎ আৰু ক্ষুদ্ৰ চাহ বাগিচা সমূহৰ কাম কাজ সুচাৰুৰূপে পৰিচালনাত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ তেওঁ উপায়ুক্তসকলক আহ্বান জনায়।
■ ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে যিকোনোধৰণৰ পদক্ষেপ লোৱাৰ পূৰ্বে মুখ্য সচিবৰ লগতে সংশ্লিষ্ট জিলাৰ দায়িত্বত থকা মন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ’বলৈ তেওঁ জিলা উপায়ুক্তসকলক আহ্বান জনায়।
■ ক’ভিডৰ সমান্তৰালভাৱে অন্যান্য ৰোগত ভোগা ৰোগীসকলেও যাতে প্ৰয়োজনীয় চিকিৎসাৰ পৰা কোনোপধ্যেই বঞ্চিত হ’বলগা নহয়, সেয়া তাৎক্ষণিক ভাৱে সুনিশ্চিত কৰাৰ বাবে তেওঁ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকক নিৰ্দেশ দিয়ে।
■ নগাঁৱৰ দৰে কেবাখনো জিলাত সম্প্ৰতি ব্যাপক মাত্ৰাত জনসমাগম হোৱালৈ আঙুলিয়াই স্বাস্থ্যবিধি উলংঘা কৰা এনে লোকৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আৰক্ষী অধীক্ষসকলক নিৰ্দেশ দিয়ে।
■ ৰাজ্যৰ প্ৰতিখন জিলাতে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী প্ৰকল্প ‘জলজীৱন মিছন’ৰ কাম-কাজ দ্ৰুততৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে।
■ ৰাজ্যৰ জীৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বৃক্ষৰোপনৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই বাৰিষাৰ ভিতৰতে ৰাজ্যখনৰ প্ৰতিখন জিলাতে ব্যাপক মাত্ৰাত গছপুলি ৰোপনৰ লগতে তাৰ উপযুক্ত তদাৰকীৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী উপায়ুক্তকে নিৰ্দেশ দিয়ে।
■ জিলাসমূহৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত খালি হৈ থকা পদসমূহ শীঘ্ৰে পূৰণৰ ব্যৱস্থা কৰা আৰু অহা নৱেম্বৰৰ ভিতৰত ৫৪ হাজাৰ থলুৱাক মাটিৰ পট্টা প্ৰদানৰ ব্যৱস্থা কৰাৰ কাম ক্ষিপ্ৰগতিত আগুৱাই নিবলৈ উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে।
■ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আয়োজিত আজিৰ ভিডিঅ’ কনফাৰেন্সত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া আৰু স্বাস্থ্য বিভাগৰ সচিব সমীৰ কুমাৰ সিনহা।
ৰাজ্যৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ভিডিঅ’ কনফাৰেন্স
