তিনি অঞ্চলৰ পৰা পিছুৱাইছে চীনা সৈন্য

10 07 2020 china pla 20494523

লাডাখৰ সীমান্তত চীনা সৈন্য পিছুৱাই নিয়াৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰিল বুলি ভাৰতীয় সেনাবাহিনীৰ শীৰ্ষ সূত্ৰত প্ৰকাশ । সামৰিক আৰু কুটনৈতিক স্তৰত আলোচনাৰ অন্তত পূব লাডাখৰ তিনিটাকৈ অঞ্চলৰ পৰা চীনা সৈন্য পিছ হোঁহকিছে । অৱশ্যে পৰিস্থিতিৰ ওপৰত সম্পূৰ্ণ দৃষ্টি ৰাখিছে ভাৰতে । লাডাখৰ চখুলৰ সীমান্ত সংলগ্ন মল্ডত যোৱা ৩০ জুনত কৰ কামাণ্ডৰ পৰ্যায়ৰ বৈঠকত মুখামুখি অৱস্থাৰ পৰা সেনা আতৰোৱাৰ বিষয়ে আলোচনা হৈছিল । আলোচনাৰ ফলশ্ৰুতিত দুই জুলাইৰ পৰা সেনা সমাৱেশ হ্রাসৰ প্ৰক্ৰিয়া আৰম্ভ হয় । ইয়াৰ পাছত পাঁচ জুলাইত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ড’ভাল আৰু চীনা বৈদেশিক মন্ত্ৰী য়াং ইৰ মাজত হোৱা বৈঠকত উত্তেজনা নিৰাময় আৰু সেনা প্রত্যাহাৰৰ বিষয়ে বিতংকৈ স্থিৰ কৰা হয়।

গালৱান উপত্যকাৰ ১৫ জুনৰ সংঘৰ্ষস্থলী পেট্ৰ’লিং পইণ্ট ১৪ ৰ পৰা পিপল’ছ লিবাৰেচন আৰ্মি পিছলৈ যোৱাৰ প্ৰমাণ উপগ্ৰহৰ দ্বাৰা সংগৃহীত ছবিত ধৰা পৰিছে । দূৰৈৰ পেট্ৰলিং পইণ্ট ১৭ ৰ পৰাও কিছু পিছুৱাইছে চীনা । ৩০ জুনৰ পাছত এই তিনি অঞ্চলৰ পৰা পাঁচটা শিবিৰ প্ৰত্যাহাৰ কৰিছে চীনা বাহিনীয়ে। কিছু নিৰ্মাণ শিবিৰ এতিয়াও আছে । ফলত পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখিছে ভাৰতীয় সেনাই । ইপিনে, পাংগঙ হ্ৰদৰ উত্তৰৰ ফিংগাৰ অঞ্চলৰ আঠৰ তিনিটা পইণ্টৰ পৰা চীনা কিছু পিছুৱাই গৈছে। কিন্তু ফিংগাৰ এতিয়া পাঁচৰ পৰা আঠ এতিয়াও চীনৰ নিয়ন্ত্ৰণত আছে।

Exit mobile version