পুনৰ ৰাজ্যত কৰ’নাত আক্ৰান্ত চাৰিজন ৰোগীৰ মৃত্যুঃ মৃত্যুৰ সংখ্যা ৩৭ জনলৈ বৃদ্ধি

3coronavirus 82

শুকুৰবাৰৰ দিনটোত পুনৰ কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা চাৰিজন লোকৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগে লগে ৰাজ্যত কৰ’নাত মৃত্যু হোৱাৰ সংখ্যা ৩৭ জনলৈ বৃদ্ধি পালে | শুকুৰবাৰে মৃত্যুক আকোৱালি লোৱা কেইগৰাকী হৈছে ৰাখাল দেৱ(৪২), ৰমেশ কায়স্থ(৬৮), সুখময় ভৌমিক(৭২) আৰু আৰ্চিডনিক বৰুৱা শইকীয়া(৭০) বু্লি মন্ত্ৰীজনে উল্লেখ কৰিছে আৰু তেওঁলোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন অৱস্থাত আছিল। উল্লেখ্য যে বুধবাৰৰ দিনটোতো ৰাজ্যত কৰ’নাত আক্ৰান্ত পাঁচজন লোকৰ মৃত্যু হৈছিল |

Exit mobile version