মহানগৰীৰ সাতগাঁও থানাৰ ১২জন বিষয়া-জোৱানৰ কৰ’না পজিটিভ

WhatsApp Image 2020 07 10 at 1.42.14 PM

অপ্ৰতিৰোধ্য ন’ভেল কৰ’না ভাইৰাছে সম্প্ৰতি মহানগৰীত অব্যাহত ৰাখিছে দ্ৰুত সংক্ৰমণ । কৰ’না বিৰোধী যুঁজৰ প্ৰথমশাৰীৰ যোদ্ধাৰ অসম আৰক্ষীৰ দেহতো ইয়াৰ সংক্ৰমণ দ্ৰুতহাৰত বৃদ্ধি পাব ধৰিছে । শুক্ৰবাৰৰ দুপৰীয়াৰ পৰ্যন্ত ৰাজ্যত প্ৰায় চাৰি শতাধিক আৰক্ষীৰ বিষয়া-জোৱান আক্ৰান্ত হৈছে । অৱশ্যে ইয়াৰে বৃহস্পতিবাৰ পৰ্যন্ত ১১৬ সুস্থ হৈ উঠাত বৰ্তমান প্ৰায় ৩০০ জন চিকিৎসাধীন । শুক্ৰবাৰৰ দিনটো পুনৰ  মহানগৰীৰ সাতগাঁও থানাৰ ১২জনকৈ বিষয়া-জোৱানৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে ।

বিগত দিনকেইটাত থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত মহন্তৰ দেহৰক্ষী ৰাহুল কলিতা, কম্পিউটাৰ অপাৰেটৰ কংকন দাস, কনিষ্টবল ডিম্বেশ্বৰ দাস আৰু মহিলা কনিষ্টবল ৰেণু ইংতিপীৰ দেহত কৰ’নাৰৰ অৱস্থিতি ধৰা পৰাৰ পাছত তেওঁলোকৰ সংস্পৰ্শলৈ অহা থানাখনৰ যান-বাহন শাখাৰ সহকাৰী উপ–পৰিদৰ্শক ত্ৰিনয়ন দলে, কনিষ্টবল জিতুমণি তালুকদাৰ, কনিষ্টবল এ পি সিং, কনিষ্টবল নিহাৰ সিং, চালক ছাজাহান আলী, চালক ৰুবুল ইছলাম, চালক অৰুপ দাস, গৃহৰক্ষী জোৱান লোম্বিত দাসৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে  ।

Exit mobile version