শুক্ৰবাৰৰ দিনটোত অসম আৰক্ষী ২৯ জন বিষয়া-জোৱান কৰ’নাত আক্ৰান্তঃ এজনৰ মৃত্যু

WhatsApp Image 2020 07 10 at 9.35.17 PM

যোৱা সাত জুলাইত কৰ’নাত আক্ৰান্ত হৈ আইআইটি গুৱাহাটীৰ ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ থকা পল্টনবজাৰ আৰক্ষী থানাত কৰ্মৰত ষষ্ঠ এপিবিএনৰ জোৱান হৰেশ্বৰ নাথৰ শুক্ৰবাৰে মৃত্যুক আঁকোৱালি লয়। কৰ’না বিৰোধী যুঁজৰ প্ৰথমশাৰী যোদ্ধ তথা মৃত্যু হোৱা হৰেশ্বৰ নাথৰ ঘৰ আছিল নগাঁৱত। শুক্ৰবাৰে পুৱাৰ ভাগলৈকে সুস্থ থকা জোৱানজনৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে আৰু মত্যুক আঁকোৱালি লয়।

ইফালে, শুক্ৰবাৰৰ দিনটোত অসম আৰক্ষীৰ ২৯ জন বিষয়া-জোৱান কৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰে ১০ জন গুৱাহাটী মহানগৰীৰ। আজি পৰ্যন্ত ৰাজ্যজুৰি মুঠ ৪৩১ জন বিষয়া-জোৱান কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৬৫ জন সুস্থ হৈ উঠাৰ লগতে এজনৰ মৃত্যু হৈছে । উল্লেখ্য যে মুঠ আক্ৰান্তৰ ২৭৩ জনেই গুৱাহাটী আৰক্ষী। অৱশ্যে ইয়াৰে ৮৩ জন সুস্থ হৈ উঠাৰ বিপৰীতে ১৯০জন চিকিৎসাধীন অৱস্থাত আছে।

Exit mobile version